ডিজিটেল ডেস্ক : কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এটা চৰকাৰী ভ্ৰমণৰ কাৰ্যসূচীৰে আমেৰিকা আৰু পেৰুলৈ যাব। তেওঁৰ এই ভ্রমণসূচী আৰম্ভ হ'ব ২০ এপ্রিলত। আমেৰিকা ভ্ৰমণৰ সময়ছোৱাত বিত্ত মন্ত্ৰীগৰাকীয়ে ২০-২৫ এপ্রিলত ছান ফ্রান্সিছকো আৰু ৱাশিংটন ডি চি ভ্রমণ কৰিব।
ছান ফ্রান্সিছকোত তেওঁ ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ হুভাৰ ইনষ্টিটিউশ্যনত 'লেয়িং দ্য ফাউণ্ডেশ্যন অব্ বিকশিত ভাৰত ২০৪৭' শীর্ষক এক বক্তৃতা দিব। তদুপৰি তেওঁ এক ঘূৰণীয়া মেজমেলৰ সময়ত বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে বাৰ্তালাপ কৰিব।
২২-২৫ এপ্রিলত বাশ্বিংটন ডি চি ভ্রমণত সীতাৰমণে আন্তঃৰাষ্ট্ৰীয় - মুদ্রা নিধি আৰু বিশ্ব বেংকৰ স্প্রিং মিটিঙত অংশগ্ৰহণ কৰিব। ২৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ সীতাৰমণৰ কাৰ্যসূচী থাকিব পেৰুত।