আপোনাৰ আজিৰ দিনটো কেনেদৰে যাব ৰাশিফল চাই জানি লওক..

Jyoti Borah September 14, 2023

বৃহস্পতিবাৰ, ১৪ ছেপ্টেম্বৰ, ২৭ ভাদ

মেষঃ স্বাস্থ্য খুব উন্নত নাপাব৷ কোনোৱে বিষ-বেদনাদিত ভুগিব পাৰে৷ বন্ধু-বান্ধব যুক্ত পৰিৱেশ ভাল পাব৷ ধম¹য় কৰ্মত ৰাপ বাঢ়িব৷ শত্ৰুৰ প্ৰভাৱ নিষ্প্ৰভ হ’ব৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং গেৰুৱা৷ 
বৃষঃ আপোনাৰ ব্যক্তিত্বই সৰু-বৰ, শত্ৰু-মিত্ৰ সকলোকে আকৰ্ষিত কৰিব৷ সামাজিকভাৱে প্ৰভাৱশালী কোনো লোকৰ প্ৰভাৱত উপকৃত হ’ব৷ আৰ্থিক উন্নতিৰ মৃদু যোগ৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং নীলা৷ 
মিথুনঃ ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব পাৰে৷ বাহিৰত প্ৰকাশ নহ’লেও, আপুনি ভিতৰি ভিতৰি চিন্তাগ্ৰস্ত৷ আপোনাৰ অৱহেলিত ব্যক্তিজনৰ পৰাই ভাগ্যোদয়ত সহায় হ’ব৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১,৫৷ শুভ ৰং সোণালী৷ 
কৰ্কটঃ পিছ বেলাৰ পৰা মন আৰু ফৰকাল পাব৷ দাম্পত্য জীৱন সুখ-শান্তিৰে পাৰ হ’ব৷ ৰাজহুৱা কামত জড়িতসকলে ৰাইজৰ পৰা প্ৰশংসা পাব৷ কথা-বাৰ্তা বা  মেলে-মিটিঙে ভাষণ দিওঁতে, কথাত যাতে পিছল খাই অপ্ৰস্তুত হ’ব লগা নহয়, লক্ষ্য ৰাখক৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং বাদামী৷ 
সিংহঃ স্বাস্থ্য মোটামুটি ভালেই৷ সন্তানৰ কাৰণে চিন্তিত হ’ব৷ তল খঁুচৰীয়াৰ প্ৰৰোচনামূলক কামে আমনি দিব৷ আৰ্থিক সমস্যাই মাজে মাজে মনলৈ দুশ্চিন্তা আনিব৷  শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১,৫৷ শুভ ৰং বগা৷ 
কন্যাঃ ৰাজহুৱা কামত ব্যস্ত থাকি ভাল পাব৷ ক্ষেত্ৰ বিশেষে মান-মৰ্যাদা পাব৷ বিদ্যাথ¹ৰ একাগ্ৰতা বৃদ্ধি৷ পাৰিবাৰিক জীৱনত নতুন সমস্যা৷শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ৫,৭৷ শুভ ৰং নীলা৷ 
তুলাঃ নতুন সাং-সম্পত্তি লোৱাৰ পৰিকল্পনা সফল হোৱা পথত৷ ধৰ্মীয় কৰ্মত লিপ্ত থাকি ভাল পাব৷ পাৰিবাৰিক সমস্যাই দেখা দিলেও গুৰুৰ সু দৃষ্টি থকাত জটিল নহ’ব৷ ভ্ৰাতৃ বা ভ্ৰাতৃ সম ব্যক্তিৰ পৰা যথেষ্ট উপকৃত হ’ব৷শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং মুগা৷ 
বৃশ্চিকঃ শৰীৰ প্ৰায় ভালেই৷ কিন্তু মাতৃৰ শৰীৰ দুৰ্বল বুজায়৷ বিদ্যাথ¹ৰ বহুমুখী প্ৰতিভা৷ নিৰিবিল পৰিৱেশ ভাল পাব৷ কিছুমান পুৰণি সমস্যাই উক দিব পাৰে৷শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১,৯৷ শুভ ৰং বগা৷ 
ধনুঃ স্বাস্থ্য প্ৰায় ভালেই৷ পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব৷ উপাৰ্জন হ’লেও খৰচো হ’ব  তদ্ৰুপ৷ দাম্পত্য জীৱনত দুই-এটা খঁুত-খাত থাকিব৷শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং কফি৷ 
মকৰঃ বেলি আগুৱাই যোৱাৰ লগে লগে ক্ৰমে মনটোও মুকলি পাব৷ স্বাস্থ্যৰ প্ৰতিও চকু ৰাখক৷ সন্তানৰ উন্নতি৷ সামাজিক কামত সুখ্যাতি লভিব৷ দাম্পত্যত সুখী৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭,৯৷ শুভ ৰং কফি৷ 
কুম্ভঃ স্বাস্থ্য প্ৰায় ভালেই৷ দাম্পত্য জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ অবাঞ্ছিত খৰচ৷ ব্যৱসায় -বাণিজ্যত জড়িতজনে নতুন সমস্যাৰ সন্মুখীন হ’ব লগা হ’লেও আৰ্থিক উন্নতি৷শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং ৰঙা৷ 
মীনঃ ৰাশিৰ ফালৰ পৰা অশুভ মাংগলিক যোগ, শনিৰ অশুভ সাৰে সাত আৰু ৰাশ্যাধিপতি ৰাহু গ্ৰস্ত হোৱাত বিভিন্ন বাধা-বিঘিনিৰ মাজেদিহে দিনটো আগুৱাব৷ শাৰীৰিক দিশতো সাধাৰণ আমনিয়ে দেখা দিব পাৰে৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ৩, ৬৷ শুভ ৰং গেৰুৱা৷ 

Share This