ডিজিটেল ডেস্ক : ৰাজস্থানত সোমবাৰে এটা অবৈধ ফটকা প্রস্তুতকাৰী কাৰখানাত সংঘটিত অগ্নিকাণ্ডত ৭জনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। খাইৰথাল-টিজাৰা জিলাৰ ভিৱাৰি চহৰত থকা এটা পোছাক-পৰিচ্ছদ প্ৰস্তুত কৰা কাৰখানাত অবৈধভাৱে ফটকা প্ৰস্তুত কৰি অহা হৈছিল।
তথ্য অনুসৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কাৰখানাটোত প্রায় ২০জন শ্রমিকে কাম কৰি আছিল। কাৰখানাটো জুয়ে আগুৰি ধৰাৰ সময়ত ১১জন লোক বহিবলৈ ওলাই যাবলৈ সক্ষম হয়। কাৰখানাটোত বন্দী হৈ পৰা ৯জন লোকৰ ৭জনৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। আন দুজন লোকক আৰক্ষীৰ উদ্ধাৰকাৰী দলে সংকটজনক অনস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে বিস্ফোৰণ ঘটা বুলি চি চি টিভিৰ ফুটেজত প্রকাশ পাইছে। জিলা আয়ুক্ত আর্টিকা শুক্লাই সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিছে। আনহাতে, ৭জনকৈ শ্ৰমিকৰ মৃত্যুৰ ঘটনাত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে।