কানপুৰত অগ্নিকাণ্ড , পাঁচজনীয়া  পৰিয়ালৰ মৃত্যু 

dainik janambhumi May 06, 2025

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কানপুৰ মহানগৰৰ চমনগঞ্জ অঞ্চলত এটা ঘৰত হোৱা অগ্নিকাণ্ডত এটা দম্পতী আৰু তেওঁলোকৰ তিনিগৰাকী নাবালিকা সন্তানৰ মৃত্যু হয়। আৰক্ষীয়ে সোমবাৰে এই কথা জনায়।

 

আৰক্ষীৰ সূত্র মতে, চমনগঞ্জৰ গান্ধী নগৰত দেওবাৰে নিশা এটা পাঁচমহলীয়া ভৱনত জুই লাগে। ভৱনটোৰ তলৰ মহলাকেইটাত জোতাৰ কাৰখানা আছিল। ভৱনটোৰ ওপৰৰ মহলাত জোতাৰ কাৰখানাৰ মালিকে পত্নী আৰু সন্তানৰ সৈতে বাস কৰিছিল। আৰক্ষীয়ে শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে।

Share This