সমগ্র দেশতে আতচবাজী নিষিদ্ধ হোৱা উচিত: উচ্চতম ন্যায়ালয়

dainik janambhumi September 14, 2025

ডিজিটেল ডেস্কঃ 'যদি দিল্লী আৰু নেশ্যনেল কেপিটেল ৰিজিয়নৰ (এন চি আৰ) মহানগৰবোৰৰ পৰিষ্কাৰ বায়ুৰ অধিকাৰ আছে, তেন্তে দেশৰ আন আন মহানগৰবোৰৰ এই অধিকাৰ কিয় নাই?'

 দিল্লীত আতচবাজী নিষিদ্ধ কৰাৰ আদেশক প্রত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱয়ে এই প্রশ্ন কৰে। প্ৰদূষণ নিয়ন্ত্ৰণক লৈ মুখ্য ন্যায়াধীশ গৱই আৰু ন্যায়াধীশ বিনোদ চন্দ্ৰনৰ পীঠে শুনানি গ্রহণ কৰি কয় যে যদি আতচবাজীত নিষেধাজ্ঞা জাৰি কৰিব লাগে, তেন্তে সমগ্র দেশতেই নিষিদ্ধ কৰা উচিত। 

পৰিষ্কাৰ বায়ুৰ অধিকাৰ কেৱল দিল্লী-এন আৰ চিতে সীমিত হৈ থাকিব নোৱাৰে, বৰঞ্চ সমগ্ৰ দেশৰ নাগৰিকে এই অধিকাৰ পোৱা উচিত। তেওঁ আৰু কয় যে পৰিৱেশ সম্পর্কীয় যি নীতি আছে, সেয়া সমগ্ৰ ভাৰতৰ বাবে হোৱা উচিত। দেশৰ অভিজাতসকল থাকে বুলি, এইক্ষেত্ৰত আমি কেৱল দিল্লীৰ বাবেই নীতি ৰচনা কৰিব নোৱাৰোঁ। এই সন্দৰ্ভত পীঠে অহা ২২ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি গ্রহণ কৰিব।

Share This