ইৰানৰ পৰা আহিল আবদ্ধ ভাৰতীয়ৰ প্রথম দল

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক: যুদ্ধৰ বাবে যোৱা এটা পষেক ইৰানত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকৰ প্ৰথমটো চাম দেওবাৰে পুৱা বিশেষ বাণিজ্যিক বিমানেৰে আর্মেনিয়া হৈ নতুন দিল্লীত উপস্থিত হয়। 

শনিবাৰে বিয়লি য়েৰেৱান বিমান বন্দৰৰ পৰা ৰাওনা হোৱা বিমানখনে লৈ আহিছিল ৭০ৰো অধিক ভাৰতীয়ক। এইসকলৰ ভিতৰত বেছিভাগেই আছিল শিক্ষার্থী আৰু জম্মু-কাশ্মীৰৰ। উক্ত শিক্ষাৰ্থীসকলৰ সৈতে লগতে দুজনমান তীর্থযাত্রীও আছে। সংযুক্ত আৰব আমীৰশ্বাহীৰ (ইউ এ ই) ডুবাই মহানগৰত কিছু সময় ৰোৱাৰ পাছত উক্ত বিমানখন আহি নতুন দিল্লীত অৱতৰণ কৰে। অৱতৰণৰ পাছত বহু শিক্ষার্থী আৰু তীৰ্থযাত্ৰীয়ে জম্মু-কাশ্মীৰ চৰকাৰে ব্যৱস্থা কৰি দিয়া বাছেৰে ঘৰলৈ উভতে। আনহাতে, কিছুৱে বিমানেৰে শ্রীনগৰলৈ যায়। 

ইফালে, শিক্ষার্থী আৰু তীর্থযাত্ৰীকে ধৰি প্ৰায় ৬০গৰাকী ভাৰতীয়ক লৈ আনিব লগীয়া এখন বিমান দেওবাৰে নিশা নতুন দিল্লীত অৱতৰণ কৰাৰ কথা। সূত্র মতে অহা কেইদিনমানত ভাৰতীয়ক কঢ়িয়াই অনা তেনে কেইবাখনো বিমান ভাৰতত অৱতৰণ কৰিব। 

উল্লেখযোগ্য যে ইৰানত প্রায় ৯,০০০ ভাৰতীয় নাগৰিক আবদ্ধ হৈ আছে আৰু ইয়াৰ বেছিভাগেই শিক্ষার্থী। শিক্ষার্থীসকলৰ বেছিভাগেই জম্মু-কাশ্মীৰৰ। কিছু শিক্ষার্থী আছে উত্তৰ প্ৰদেশ আৰু আন ৰাজ্যৰ। এই শিক্ষার্থীসকল প্রধানত: তেহৰান আৰু তেহৰানৰ পৰা ১৫০ কিল'মিটাৰ আঁতৰৰ কোম মহানগৰীৰ। উল্লেখযোগ্য যে আমেৰিকা-ইজৰাইলৰ বৃহৎ মাত্ৰাৰ আক্ৰমণৰ পাছত বৰ্তমান ইৰানৰ বিমানপথ বন্ধ হৈ আছে। 

ভাৰতলৈ উভতি আহিবলৈ বিচৰাসকলক ইৰানৰ প্রতিৱেশী আর্মেনিয়া আৰু তুর্কমেনিস্তানলৈ স্থলপথেৰে আনি তাৰ পৰা বিমানেৰে ভাৰতলৈ অনা হ'ব। ভাৰত চৰকাৰে আজাৰবাইজানৰ সৈতেও কথা পাতি আছে, যাতে আজাৰবাইজানলৈ স্থলপথেৰে আনি দেশখনৰ ৰাজধানী বকুৰ পৰা ভাৰতীয় নাগৰিকক নতুন দিল্লীলৈ আনিব পৰা যায়।

Share This