ডিজিটেল ডেস্ক : পশ্চিম বংগৰ প্রবাদপ্রতিম নেতা শ্যামাপ্রসাদ মুখার্জীৰ নেতৃত্বত ১৯৫১ চনত গঠন হৈছিল ভাৰতীয় জনসংঘ। হিন্দুত্ব তথা সাংস্কৃতিক জাতীয়তাবাদৰ আদৰ্শৰে গঠন কৰা সেই দলটোৰে ১৯৮০ চনত ৰূপান্তৰ ঘটিছিল ভাৰতীয় জনতা পার্টিলৈ। সেইগৰাকী শ্যামাপ্রসাদ মুখার্জীৰ মাতৃভূমি পশ্চিম বংগত জনসংঘৰ যাত্ৰাৰম্ভৰ ৭৫ বছৰৰ মূৰত আজি প্ৰথমখন বিজেপিৰ চৰকাৰে শপতগ্ৰহণ কৰিব। এই চৰকাৰক নেতৃত্ব দিব তৃণমূল কংগ্ৰেছক ওফৰাই ৰাজ্যখনত বিজেপিৰ উত্থান ঘটোৱা ৰাজনৈতিক আন্দোলনৰ নেতৃত্ব দিয়াসকলৰ অন্যতম শুভেন্দু অধিকাৰীয়ে। অৰ্থাৎ পশ্চিম বংগৰ প্ৰথমখন বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হ'ব শুভেন্দু অধিকাৰী। কালি অনুষ্ঠিত বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত অধিকাৰীক সৰ্বসম্মতিক্রমে নেতা বাছনি কৰাৰ কথা ঘোষণা কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে।
কলকাতাৰ বিশ্ব বাংলা কনভেনশ্যন চেন্টাৰত অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ বৈঠকত অমিত শ্বাহৰ সৈতে ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিও পর্যৱেক্ষক ৰূপে উপস্থিত আছিল। বৈঠকৰ পাছত গৃহ মন্ত্রী শ্বাহে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে অধিকাৰীৰ নাম ঘোষণা কৰে। বিধায়িনী দলৰ বৈঠকত শ্বাহে অধিকাৰীক ফুলৰ মালা পিন্ধাই আলিংগন কৰি অভিনন্দন জনায়। অধিকাৰীক আনুষ্ঠানিকভাৱে বিধায়িনী দলৰ নেতা নির্বাচিত হোৱা বুলি ঘোষণা কৰি শ্বাহে নেতা নির্বাচন প্রক্রিয়াটো সম্পূর্ণৰূপে গণতান্ত্রিক আছিল বুলি ব্যক্ত কৰে। বৈঠকত ৮টা প্রস্তাৱ উত্থাপন কৰা হৈছিল আৰু কেউটাতে অধিকাৰীৰ নাম আছিল। আন নেতাৰ নাম উত্থাপন কৰাৰ বাবে পর্যাপ্ত সময় দিয়া হৈছিল যদিও কিন্তু আন কোনো দাবীদাৰৰ নাম নাহিল। অধিকাৰীয়ে আজি পুৱা ১১ বজাত ৰাজ্যখনত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰীৰূপে ঐতিহাসিক ব্রিগেড পেৰেড গ্রাউণ্ডত শপতগ্ৰহণ কৰিব। শপতগ্রহণ সমাৰোহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্রী শ্বাহ, বিজেপি তথা এন ডি এ শাসিত ২০খন ৰাজ্যৰ মুখ্যমন্ত্রীসকল তথা বিজেপি আৰু এন ডি এৰ সহযোগী দলসমূহৰ নেতাসকল উপস্থিত থাকিব।
উল্লেখযোগ্য যে শুভেন্দু অধিকাৰীয়ে কালি সন্ধিয়া লোকভৱনত ৰাজ্যপাল আৰ এন ৰবিক সাক্ষ্যাৎ কৰি ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ৰাজ্যপালে অধিকাৰীক ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰূপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে ৰাজ্যপালে ৰাজ্যখনৰ বিধানসভা ভংগৰ সিদ্ধান্ত ঘোষণা কৰে। ইফালে, বিজেপি বিধায়িনী দলৰ নেতা নির্বাচিত হোৱাৰ পাছত অধিকাৰীয়ে তেওঁক নতুন দায়িত্ব দিয়াৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। তেওঁ কয়, 'মোৰ প্ৰতি আস্থা প্রকাশ কৰাৰ কাৰেণ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছোঁ। এই জয় মোৰ নহয়, বৰং পৰিৱৰ্তনৰ সংকল্প লোৱা পশ্চিম বংগৰ কোটি কোটি জনতাৰ জয়।' উল্লেখযোগ্য যে আজি ৰবীন্দ্ৰ জয়ন্তীৰ দিনটোতে অধিকাৰীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপতগ্রহণ কৰিব। অধিকাৰীয়ে ৰাজখনৰ নতুন বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ অন্যতম কাৰণ আছিল তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীক তেওঁৰ নিজৰ সমষ্টিতে পৰাজিত কৰিছিল। ২০২১ চনত প্রথমে নন্দীগ্রামত মমতাক পৰাজিত কৰিছিল শুভেন্দু অধিকাৰীয়ে। ইয়াৰ পাছত এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত ভৱানীপুৰত অধিকাৰীয়ে মমতাক পৰাজিত কৰে। পশ্চিম বংগৰ ইতিহাসত কোনো এজন মুখ্যমন্ত্ৰীক তেওঁৰ সমষ্টিত বিধানসভাৰ বিৰোধী দলৰ নেতাই প্রত্যাহ্বান জনোৱাটো এটা বিৰল ঘটনা। উল্লেখযোগ্য যে ৰাজ্যখনত সদ্যসমাপ্ত ২৯৪জনীয়া বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ২০৭খন আসনত জয়লাভ কৰে। তৃণমূল কংগ্ৰেছে লাভ কৰে মাত্র ৮০খন আসন। ইফালে শুভেন্দু অধিকাৰীৰ লগতে অগ্নিমিত্রা পাল আৰু নিশিথ প্রামাণিকেও কাইলৈ ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব।