প্ৰথমটো হাইড্ৰ’জেন চালিত দবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ

Rashmi July 26, 2025

ডিজিটেল ডেস্কঃ চেন্নাইস্থিত ইন্টিগ্ৰেল ক’চ ফেক্টৰী (আই চি এফ)ত হাইড্ৰ’জেন চালিত প্ৰথমটো ৰে’লৰ দবাৰ সফল পৰীক্ষণৰ জৰিয়তে ভাৰতে সেউজ ৰে’ল উদ্ভাৱনৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে। এই পৰীক্ষাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি এই কথা নিশ্চিত কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

তেওঁ কয় যে ভাৰতে বৰ্তমান ১২০০ এইচ পি হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণ কৰি আছে, যাৰ ফলত দেশখন হাইড্ৰ’জেন ৰে’ল প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে পৰিগণিত হ’ব। ইয়াৰ ফলত ভাৰতক ৰেল পৰিবহণৰ বাবে হাইড্ৰজেন ব্যৱহাৰ কৰা দেশৰ নিৰ্বাচিত গোটত স্থান দিয়া হৈছে।

ড্ৰাইভিং পাৱাৰ কাৰ নামেৰে পৰিচিত এই পৰীক্ষা কৰা দবাটোৱে পৰিষ্কাৰ আৰু অধিক বহনক্ষম ৰে’ল ব্যৱস্থাৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে সেউজ শক্তি আৰু ভৱিষ্যতৰ বাবে সাজু পৰিবহণ সমাধানৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

২০২৩ চনত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাজ্যসভাক অৱগত কৰিছিল যে ভাৰতীয় ৰে'লৱেই "হাইড্ৰ'জেন ফৰ হেৰিটেজ" পদক্ষেপৰ অধীনত ৩৫খন হাইড্ৰজেন চালিত ৰে'ল চলোৱাৰ পৰিকল্পনা কৰিছে। ঐতিহ্য আৰু পাহাৰীয়া পথত আন্তঃগাঁথনি সহায়ৰ বাবে প্ৰতিটো পথত ৭০ কোটি টকাকে ধৰি প্ৰতিখন ৰে’লৰ আনুমানিক খৰচ ৮০ কোটি টকা। উত্তৰ ৰে'লৱেৰ জিন্দ-শোনিপাট অংশত চলি থকা ডিজেল ইলেক্ট্ৰিক মাল্টিপল ইউনিট (ডিইএমইউ)ক হাইড্ৰজেন ইন্ধন কোষেৰে ৰেট্ৰ’ফিট কৰাৰ বাবেও ১১১.৮৩ কোটি টকাৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে। যদিও হাইড্ৰজেন ৰে’লৰ প্ৰাৰম্ভিক পৰিচালনা ব্যয় বেছি হ’ব পাৰে, তথাপি সময়ৰ লগে লগে ই কমি অহাৰ সম্ভাৱনা আছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সেউজ পৰিবহণ প্ৰসাৰ আৰু স্বচ্ছ হাইড্ৰজেন শক্তিৰ জৰিয়তে ভাৰতৰ শূন্য কাৰ্বন নিৰ্গমণৰ লক্ষ্যক সমৰ্থন কৰা।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This