ডিজিটেল ডেস্ক : মহাকাশ অভিযানৰ ক্ষেত্রত পাকিস্তানে বুধবাৰে ইতিহাস ৰচনা কৰে। দেশখনৰ প্ৰথমজন মহাকাশচাৰী বুধবাৰে মহাকাশলৈ ৰাওনা হয়। চীনৰ গোবি মৰুভূমিত থকা জিউকুৱান কৃত্রিম উপগ্রহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা দুই চীনা মহাকাশচাৰীৰ সৈতে পাকিস্তানৰ মহম্মদ জিচান আলী চীনৰ টিয়াংগং মহাকাশ কেন্দ্ৰলৈ ৰাওনা হয়।
পাকিস্তানৰ বায়ু সেনাৰ বিষয়া তথা মহাকাশচাৰী আলীৰ লগত দুই চীনা মহাকাশচাৰী টাং হোংবো আৰু অ' ইও মহাকাশ কেন্দ্ৰলৈ গৈছে। ভাৰতীয় সময় মতে পুৱা ৫-৪৮ বজাত 'লংমার্চ-২ এফ ৰকেট'যোগে মহাকাশচাৰীকেইজন ৰাওনা হয়। চীনৰ মহাকাশ কেন্দ্রই প্রকাশ কৰা তথ্য অনুসৰি মহাকাশ যানখনৰ উৰণ সফল হৈছে আৰু ইতিমধ্যে নির্দিষ্ট কক্ষপথত প্ৰৱেশ কৰিছে।
ইয়াৰ লগে লগেই পাকিস্তানে প্রথমটো মহাকাশ অভিযানত সফলতা লাভ কৰিলে। জিচান আলী দেশখনৰ প্রথমজন মহাকাশচাৰী হিচাপে পৰিগণিত হ'ল। তেওঁ প্রায় এসপ্তাহ চীনৰ মহাকাশ কেন্দ্রত থাকি বিভিন্ন পৰীক্ষা-নিৰীক্ষাত ভাগ ল'ব।