আজিৰ সম্পাদকীয়, আৱেগৰ আতংক

Dainik Janambhumi November 26, 2026

ডিজিটেল ডেস্ক : কবি টি এছ এলিয়টৰ বিখ্যাত Burnt Norton কবিতাটোৱে মানৱ জাতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্বভাৱৰ কথা প্রকাশ কৰিছে। কবিতাটোত সময়ৰ ধাৰণা, অতীত, বর্তমান আৰু ভৱিষ্যতৰ সম্পৰ্ক, মানৱ জাতিৰ অস্তিত্ব, আধ্যাত্মিকতা ইত্যাদিক লৈ যি দার্শনিক আলোচনা কৰা হৈছে, সি এতিয়াও সেই সময়ৰ দৰেই চিন্তাৰ উদ্রেককাৰী। কবিতাটোত কোৱা 'Humankind can not bear very much reality' বাক্যশাৰী যেন কেৱল কবিতাৰ কথা নাছিল, ই আছিল সার্বজনীন সত্য। 'মানৱ জাতিয়ে বৰ বেছি বাস্তৱ সহ্য কৰিব নোৱাৰে।' প্ৰৱহমান সময়ৰ গভীৰ দাৰ্শনিক অনুভূতিৰে প্ৰকাশিত কবিতাটোত যি প্রসংগতেই হওক লাগিলে, বিশেষভাৱে উল্লেখ কৰা এইটো শাৰী আজিৰ তাৰিখত সকলো ক্ষেত্রতেই দৃশ্যমান। অতিমাত্রা আৱেগত বিবেক হেৰুওৱা মানৱ জাতিয়ে সংযম, সংবেদনশীলতা হেৰুওৱাই নহয়, বাস্তৱৰ পৃথিৱীৰ সলনি এখন মেটাফ'ৰ পৃথিৱীক আঁকোৱালি লৈছে। ডিজিটেল আগ্রাসনৰ কবলত পৰা মানুহৰ বাবে হাতৰ টিপত থকা ম'বাইল ফ'নটো সংগী হৈ পৰিছে, সামাজিক মাধ্যমটো হৈ পৰিছে চ'ৰাঘৰৰ মজিয়া। পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে শোৱনি কোঠাৰ গোপন খবৰ, আলোচনাও সামাজিক মাধ্যমৰ কৃপাত ৰাজহুৱা বাতৰি হ'বলৈ ধৰিছে। বৌদ্ধিক আলোচনা, চিন্তাৰ ঠাই লৈছে বিয়নি মেলে। ব্যক্তিগত আক্রোশে ৰাজহুৱা আক্ৰমণৰ ৰূপ লৈছে। জাতীয়তাবাদৰ নামত মৰেল পুলিচৰ উপদ্ৰৱ হৈছে। বাস্তৱৰ পৃথিৱীক হজম কৰিব নোৱাৰা মানুহে কল্পনাৰ সাম্ৰাজ্যত যেন নিজেই নিজকে ৰজা আখ্যা দি নৈতিকতা, সামাজিক আচাৰ, ব্যৱহাৰ, শ্লীলতা, নিয়ম আনকি সংবিধানে মানুহ হিচাপে দিয়া আধিকাৰ আৰু কৰ্তব্যকো ভৰিৰে মোহাৰি পেলাইছে।

বিশৃংখল সমাজ এখনৰ উদাহৰণ ইয়াতকৈ আৰু কি বেলেগ হ'ব। নীতি-আদৰ্শৰে সুসংবদ্ধভাৱে সমাজ এখন পৰিচালিত হ'লে সেই সমাজ গর্বিত হয়, সেই সমাজৰ বাসিন্দা সুনাগৰিক আৰু শান্তিপূর্ণ হয়। কিন্তু যেতিয়া এই নীতি-আদর্শ, শিক্ষা-সংস্কাৰ ইত্যাদিত কেৰোণ লাগিবলৈ আৰম্ভ কৰে তেতিয়া সমাজ এখনো স্খলিত হ'বলৈ আৰম্ভ কৰে। শেহতীয়াকৈ এই স্খলিত সমাজ বা degraded societyৰ অৱস্থাই মানুহৰ চৰিত্ৰ, হতাশা, ক্ষোভ আৰু শাসক পক্ষৰ পৰা আশাভংগৰ এক সামগ্রিক পৰিৱেশ স্পষ্ট কৰিছে। যাৰ ফলত মানুহে এতিয়া বাস্তৱক এৰি, নিজৰ সমস্ত এৰি ডিজিটেল দাস হৈ পৰিছে। ফে'চবুক, ইনষ্টাগ্রামৰ দাস, সামাজিক মাধ্যমৰ দাস হৈ পৰা মানুহবোৰ শেহতীয়াকৈ চিকিৎসা বিজ্ঞানৰ ভাষাত কেইবাটাও গুৰুতৰ মানসিক ৰোগত আক্রান্ত হৈছে। সামাজিক মাধ্যমৰ ভয়াৱহ আসক্তিয়ে সম্প্রতি পাঁচটা গুৰুতৰ মানসিক ৰোগৰ সৃষ্টি কৰিছে আৰু সেয়া হ'ল এনজাইটি ডিছৰ্ডাৰ, ডিপ্ৰেছিভ ডিছৰ্ডাৰ, বাইপ 'লাৰ ডিছৰ্ডাৰ, চিজোফ্রেনিয়া স্পেকট্রাম ডিছৰ্ডাৰ আৰু অবছেছিভ কম্পালছিভ ডিছৰ্ডাৰ চমুকৈ অ' চি ডি। উল্লেখযোগ্য যে সামাজিক মাধ্যমত সাধাৰণতে যিকোনো বিতর্ক, সমালোচনাৰ ক্ষেত্ৰত দুটা- তিনিটা পন্থা থাকেই। বৰ্তমানৰ প্ৰেক্ষাপটত বাওঁপন্থা, সোঁপন্থা বা ৰক্ষণশীল তথা উদাৰপন্থী ইত্যাদিত ভাগ হৈয়েই যায় মানুহবোৰ। যৌক্তিক আলোচনা বা নিৰপেক্ষতা বুলি কোনো কথাই নাই। সাধাৰণতে নিজৰ নিজৰ পন্থাৰ যুক্তি চৰম পৰ্যায়ত উত্থাপন কৰি সেই যুক্তিৰ নামত প্রচণ্ড কাজিয়া, গালি-গালাজ আনকি ভাবুকি পর্যন্ত প্ৰদান কৰাটো সামাজিক মাধ্যমৰ সচৰাচৰ চিনাকি দৃশ্য হৈ পৰিছে। সামাজিক, ৰাজনৈতিক আনকি ধর্মীয় ইত্যাদি সকলো দিশতে ভাগ ভাগ হৈ নিজৰ obsession অৰ্থাৎ নিজৰ আৱেগিক উন্মাদনা জাহিৰ কৰাটো সকলোৰে লক্ষ্য হৈ পৰিছে। নিজৰ যুক্তি উন্মাদনাৰ আধাৰত দিয়া মন্তব্যৰে নিজৰ হতাশা তথা এনজাইটি দমন কৰে যদিও সেই মানসিক ৰোগত আক্রান্ত ব্যক্তিয়ে প্রতিপক্ষৰ পৰা নিজে বিচৰা ধৰণৰ ব্যৱহাৰ বা উত্তৰ নাপালেই উন্মাদ হৈ পৰে। আনকি ডিজিটেল যুঁজ-বাগৰত অভ্যস্ত এনে এটা চাম মৰেল পুলিচ হৈ পৰাৰ বিপৰীতে এই মৰেল পুলিচৰ নিৰন্তৰ ট্ৰ'ল, অপবাদত বিধ্বস্ত হৈ পৰিব লগা হয় একোজন ব্যক্তি বা এটা সমুদায়। কর্মহীনতা, হতাশা আৰু ঈর্ষাপৰায়ণাতাই গ্রাস কৰা একাংশই ধর্মীয় আচৰণ, ৰাজনীতি, জাতীয়তাবাদ, নৈতিকতা ইত্যাদিৰ ঢোলটোৰ বাবে বাছি লৈছে সামাজিক মাধ্যমৰ মজিয়া। সহজলভ্য ইণ্টাৰনেট সেৱাৰ সুযোগ লৈ ঘৰত বহি থকা কর্মহীন একোজনেও এতিয়া ফে'চবুকৰ দৰে সামাজিক মাধ্যমত বৰ বৰ ভাষণ দিয়ে। মূলতঃ যৌক্তিক আলোচনাৰ প্রতি আগ্রহী নোহোৱা, বিচাৰ-বিবেচনাবোধ ইত্যাদিৰ অৰ্থ নজনা একাংশ নেটিজেনৰ বাবে এতিয়া সামাজিক মাধ্যম যুঁজৰথলী। বিশ্বায়নৰ এই সময়ত ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ প্ৰভাৱ অপৰিসীম।

শেহতীয়াকৈ সামাজিক মাধ্যম হৈ পৰিছে চৰকাৰ বা প্রশাসন ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ এক শক্তিশালী মাধ্যম। আনকি বাক স্বাধীনতাৰ অধিকাৰ সাব্যস্ত কৰি ভিন্ন সময়ত সংঘটিত অপৰাধ তথা চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে সবল স্থিতি গ্রহণ কৰা নেটিজেনে প্রতিবাদৰ শব্দ হিচাপে আৰম্ভ কৰিছে হেচ (#) টেগ আন্দোলনো। #Justiceforzubeengarg আন্দোলনো বিগত এটা বছৰে চলি থকা প্রায় তেনে এক আন্দোলন। কিন্তু ফে'চবুকত শেহতীয়াকৈ বিজ্ঞানী ৰুবুল মাউতক কেন্দ্ৰ কৰি যি অবাঞ্ছিত বিতর্ক হ'ল তথা শিল্পী জুবিন গাৰ্গৰ এখন গাড়ী বিক্ৰী কৰাক লৈ শিল্পীগৰাকীৰ পত্নী আৰু পৰিয়ালক যিদৰে ৰাজহুৱাভাবে অতি নিকৃষ্ট পর্যায়ত সমালোচনা কৰা হ'ল সি কেতিয়াও এখন সভ্য সমাজৰ লক্ষণ হ'ব নোৱাৰে। এনে বিতর্ক আৰু ব্যৱহাৰে প্ৰমাণ কৰিছে মানুহ এতিয়া পৰিস্থিতিৰ দাস নহয়, বৰঞ্চ আৱেগ আৰু উন্মাদনাৰহে দাস।

Share This