ছুইডেনৰ বিৰুদ্ধে প্ৰথম জয় !প্ৰথমবাৰলৈ ফাইনেলত স্পেইন মহিলা বিশ্ব কাপ ফুটবল স্পেইনে 

Jyoti Borah August 17, 2023

ডিজিটেল ডেস্কঃ প্ৰথমবাৰলৈ ফিফা মহিলা বিশ্ব কাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ মঙলবাৰে ইয়াত অনুষ্ঠিত সন্মাজনক প্ৰতিযোগিতাখনৰ প্ৰথম ছেমি ফাইনেলত ছুইডেনক ২- ১ গ’লত হৰুৱাই খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয় স্পেইন৷ ৮০ মিনিট পৰ্যন্ত গ’লশূন্য হৈ থকা খেলখনত জয়ৰ বাবে দুয়োটা দলেই আক্ৰমণৰ চোক বৃদ্ধি কৰে৷ অন্তিম ৯ মিনিটত হয় খেলখনৰ তিনিওটা গ’ল৷ ইয়াৰে ৮৯ মিনিটত বিজয়সূচক গ’লটো পায় স্পেইনে৷ ৮১ মিনিটত বহু কাংক্ষিত গ’লটো লাভ কৰে স্পেনিছ দলটোৱে৷ জেনী হাৰমোছোৰ পৰা বল পাই পৰিৱৰ্তিত খেলুৱৈ হিচাপে নমা ছালমা ছেলেষ্টা পেৰালুৱেলাই স্পেইনক অগ্ৰগতি দিয়ে৷ এগ’লত পিছ পৰিলেও গ’ল পৰিশোধৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা ছুইডেনে ৮৮ মিনিটত সমতা স্থাপন কৰে৷ ছাবষ্টিটিউট ৰেবেকা ব্লমকভিষ্টে বল নেটলৈ ঠেলি দিয়াত কোনো ভুল নকৰিলে৷ খেল তেনেদৰেই অতিৰিক্ত সময়লৈ সম্প্ৰসাৰিত হ’ব বুলি ভবাৰ সময়তে স্পেইনৰ হৈ দ্বিতীয় গ’লটো দি জয় নিশ্চিত কৰে অলগা কাৰমোনাই৷ ছুইডেনে সমতা স্থাপন কৰাৰ ৯৪ ছেকেণ্ডৰ পাছতেই স্পেইনৰ হৈ বিজয়সূচক গ’লটো দিয়ে অধিনায়িকা কাৰমোনাই৷ ইয়াৰ পাছত ৮ মিনিটৰ ইনজুৰী টাইমত কোনো এটা দলেই গ’ল দিয়াত ব্যৰ্থ হয়৷ ইয়াৰ আগেয়ে মহিলা ফুটবলত ছুইডেনৰ বিৰুদ্ধে তিনিবাৰ মুখামুখি হ’লেও পৰাজিত কৰিব পৰা নাছিল স্পেইনে৷ দুখন খেলত ছুইডেন জয়ী হোৱাৰ বিপৰীতে এখন ড্ৰ হৈছিল৷ ফলত বিশ্ব কাপৰ ছেমি ফাইনেলত ছুইডেনক এই প্ৰথমবাৰ হৰুৱাই প্ৰথমবাৰলৈ ফাইনেলত উপনীত হয় স্পেইন৷ আনখন ছেমি ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড৷ ছিডনীত দেওবাৰে হ’ব ফাইনেল৷ দেওবাৰৰ বিজয়ী দলটোৱেই প্ৰথমবাৰলৈ বিশ্ব চেম্পিয়নৰ সোৱাদ পাব৷ ইফালে পাঁচবাৰ ছেমি ফাইনেল খেলি ৪ বাৰ পৰাজিত হোৱা ছুইডেনে এতিয়া তৃতীয় স্থানৰ বাবে খেলিব৷
 

Share This