ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভাৰ নিৰ্বাচনলৈ আৰু এমাহতকৈও কম সময় থকাৰ আগমুহূৰ্তত ধোৰাইয়া খণ্ডৰ বাটচাৰ গাঁৱৰ ৫জন লোকে ৰাজ্যখনৰ খচৰা ভোটাৰ তালিকাত নিজৰ নাম 'মৃত' হিচাপে ঘোষণা হোৱা দেখিবলৈ পাইছে। এই ঘটনাই প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
শুকুৰবাৰে ২১৬ নম্বৰ বুথৰ 'মৃত' লোকসকলে খণ্ড উন্নয়ন বিষয়া অৰবিন্দ কুমাৰ 'মহাশয়, আমি জীয়াই আছোঁ' বুলি এখন স্মাৰক- পত্র প্রদান কৰে।
খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তেওঁলোকৰ নাম ভোটাৰ তলিকাত পুনৰ অন্তৰ্ভুক্ত কৰিবলৈ বি এল অ'ক নির্দেশ দিয়ে।