পাঁচ সংগঠনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

dainik janambhumi January 30, 2026

ডিজিটেল ডেস্ক: ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্রক্ৰিয়াৰ যোগেদি খিলঞ্জীয়া লোকৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ অভিযোগ তুলি কালি ইয়াৰ বিৰুদ্ধে শিৱসাগৰ নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত পাঁচ জাতীয় সংগঠনে এক প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰে। অসম ছাত্ৰ যুৱ সন্মিলনী, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নেতা-কর্মীসকলে সমদল কৰি 'খিলঞ্জীয়াৰ ভোট কৰ্তন কৰা বন্ধ কৰক', 'এই অন্যায় সহ্য কৰা নহ'ব', 'নির্বাচনী আয়োগ হুঁচিয়াৰ', 'এই জুই জ্বলিছে', 'আৰ এছ এছ-বিজেপিৰ মতে ভোটাধিকাৰ কৰ্তন কৰা বন্ধ কৰক', 'জীয়াই থকা ব্যক্তিক মৃত সজাই ভোটাৰ তালিকা সংশোধন কৰা বন্ধ কৰক', 'খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি লোৱা বন্ধ কৰক', 'অসমত দাদাগিৰি বন্ধ কৰক', 'ৰাজনৈতিক স্বার্থত অধিকাৰ কাঢ়ি নিয়া বন্ধ কৰক', 'বিজেপি হায় হায়' আদি প্রতিবাদী ফধ্বনিবে নির্বাচনী কার্যালৰ সম্মুখত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। 

কার্যসূচীত অংশগ্রহণ কৰি অসম ছাত্র যুৱ সন্মিলনীৰ নেতা জিণ্টু মেচে কয় যে এখন শুদ্ধ ভোটাৰ তালিকা প্রস্তুত হোৱাত কাৰো আপত্তি নাই। কিন্তু শুদ্ধ ভোটাৰ তালিকাৰ নামত খিলঞ্জীয়া মুছলমানৰ ভোট কর্তনক নুবুজায়, পৰিভ্ৰমী অনা-অসমীয়া ভোটাৰক ভোটাৰ তালিকাত অন্তর্ভুক্তি নুবুজায়। বিশেষ সংশোধনী বিজেপিৰ ৰাজনৈতিক অস্ত্রত পৰিণত হৈছে। নির্বাচনী বিষয়াৰ কার্যালয়টো বিজেপিৰ নির্বাচনী কার্যালয় হিচাপে বিবেচিত হৈছে। এছ আৰক সম্পূর্ণ ৰাজনৈতিক অস্ত্র হিচাপে ব্যৱহাৰ কৰি খিলঞ্জীয়া মানুহৰ ভোট কর্তন কৰা হৈছে। এই কথা কোনো কাৰণতে গ্রহণযোগ্য নহয়। ইয়াতকৈ দুখৰ বিষয় একো হ'ব নোৱাৰে। 

এখন দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ মূল স্তম্ভ গণতান্ত্রিক ব্যৱস্থাটো বাহাল আছে নে নাই, তাৰ যিটো মাপকাঠী যাক নির্ধাৰণ কৰা হৈ আহিছে, নির্বাচনী আয়োগৰ নিৰপেক্ষতা, স্বতনন্ত্ৰতা সম্পূর্ণ ভৰিৰে মোহাৰি বিজেপি-আৰ এছ এছৰ ইচ্ছামতে ভোটাৰ তালিকা প্রস্তুত কৰা হৈছে। দেশত হিন্দু ৰাষ্ট্ৰ নির্মাণৰ বাবে তেওঁলোকে চেষ্টা কৰিছে। দুদিনমানৰ পাছত তেওঁলোকে ক'ব যে মুছলমানসকলৰ ভোটাধিকাৰৰ কোনো অধিকাৰেই নাই। তেওঁলোকে মিঞাৰ কথা কৈ আছে। শিৱসাগৰত মিঞা ক'ত আছে? শিৱসাগৰত জীৱিত খিলঞ্জীয়া মানুহৰ ভোট কর্তন কৰা হৈছে। অনা-অসমীয়া মানুহক ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে। ভোটাধিকাৰৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে। সাংবিধানিক পদবীত থাকি মুখ্যমন্ত্রীজনে এনেকুৱা সাম্প্রদায়িক, অসাংবিধানিক বক্তব্য ৰাখিছে। 

মুখ্যমন্ত্রীক তৰল আৰু সাম্প্রদায়িক উত্তেজনা বিয়পাব পৰা বক্তব্য ৰখাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় জিন্টু মেচে। তেওঁ শিৱসাগৰৰ নির্বাচনী বিষয়াক সাত দিনৰ সময়সীমা বান্ধি দি কর্তন কৰা লোকসকলৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ সকীয়নি প্রদান কৰে। আনহাতে, পৰশজ্যোতি দাসে কয় যে নির্বাচনী আয়োগে শাসকীয় পক্ষৰ পকেটত সোমাই এছ আৰ প্রক্রিয়াক ব্যৱহাৰ কৰিছে। এনে কার্যক ধিক্কাৰ জনাই পুনৰ তেওঁ কয় যে বিজেপি দলটোৱে স্বৈৰাচাৰী নীতি আৰু অগণতান্ত্রিক চৰিত্র অক্ষুণ্ণ ৰাখি যদি কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে মূর্খৰ স্বৰ্গত বাস কৰিছে। ইয়াৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ অসমীয়াৰ সন্তান এতিয়াও জীয়াই আছে। নির্বাচন নিৰপেক্ষ আৰু গণতান্ত্রিকভাৱে হ'ব লাগিব। নির্বচনত গুণ্ডাগিৰি-দাদাগিৰি নচলিব বুলিও মন্তব্য কৰে পৰশজ্যোতি দাসে।

Share This