কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ প্ৰসংগ ! কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ’ব নেকি?
Dainik Janambhumi
July 29, 2024
কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ প্ৰসংগ
কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ’ব নেকি?
উদ্বিগ্নতা প্ৰকাশ ইউনেস্ক’ৰ পৰামৰ্শদাতা সংস্থাৰ
ডিজিটেল ডেস্কঃ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা ICOMOত্ৰৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ দিয়া এখন উদ্বেগজনক পত্ৰৰ পাছতেই ঘনীভূত হৈছে কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ’ব নেকি তাৰ সন্দেহ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰসংগত অনুসন্ধান কৰিবলৈ কৈ কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিচৰণস্থলীত হোটেল নিৰ্মাণৰ যো-জাত উদ্বিগ্নতা প্ৰকাশ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানকাৰী সংস্থা ইউনেস্ক’ৰ পৰামৰ্শদাতা সংস্থা ICOMOত্ৰ য়ে৷ উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কোনো ক্ষেত্ৰতে স্থায়ী নহয়, ইয়াৰ পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানৰো স্বীকৃতি বাতিল কৰা হৈছিল৷ কাজিৰঙাই স্বীকৃতি লাভ কৰিছিল ১৯৮৫চনত৷
কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ সমান্তৰালকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ বাবে লোৱা কেতবোৰ পদক্ষেপে উদ্বিগ্ন কৰি তুলিছে ইউনেস্ক’ৰ বিশেষজ্ঞ সংস্থা ICOMOত্ৰক৷ কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তাৱৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি ICOMOত্ৰৰ বিশেষজ্ঞ সদস্যই পৰ্যটন বিভাগৰ সঞ্চালক পদ্মপাণি বৰাক সোঁৱৰাই দিছে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখি কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব৷ লগতে সোঁৱৰাই দিছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণত ল’বলগীয়া গুৰুত্ব আৰু স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত লোৱাৰ বিষয়ে৷ প্ৰস্তাৱিত পঞ্চতাৰকা হোটেলে কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা, বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ, স্থানীয় লোকৰ অংশগ্ৰহণ আৰু কাজিৰঙা সাপেক্ষে বহনক্ষম নিৰ্মাণৰ প্ৰভাৱৰ ওপৰত পৰ্যটন সঞ্চালকৰ পৰা উত্তৰ বিচাৰিছে ICOMOত্ৰয়ে৷
আৰু এই ক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগ বা চৰকাৰে icomos ক দিয়া উত্তৰৰ গ্ৰহণযোগ্যতাৰ ওপৰতে নিৰ্ভৰ কৰিব কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি থাকিব নে নাথাকিব৷ ইফালে,পৰ্যটন বিভাগলৈ ICOMOত্ৰয়ে এই পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ লগে লগেই ইয়াৰ বন্যপ্ৰাণী আৰু স্থানীয় ভূমি অধিকাৰী কৃষক শ্ৰমিকসকলৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ সম্বন্ধে প্ৰথমৰ পৰাই মাত মাতি অহা জীপাল কৃষক শ্ৰমিক সংঘই তাৎক্ষণিক প্ৰতিক্ৰিয়া আগবঢ়াইছে৷ এই ক্ষেত্ৰত জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সকীয়াই দি কয় যে কোনো কাৰণতে কাজিৰঙাই যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱাব লগীয়া হয় তেনে স্বাভাৱিকতেই জবাহদিহি কৰা হ’ব তেওঁলোকক৷
Share This