ডিজিটেল ডেস্ক : এটা যুগৰ অৱসান ঘটিল। ভাঙি পেলোৱা হ'ল নামৰূপ সাৰ কাৰখানাৰ প্ৰথমটো গোটৰ পিলিং টাৱাৰ। ১৯৬৯ চনৰ ১ জানুৱাৰীত দেশৰ প্ৰথমটো প্রাকৃতিক গেছ ভিত্তিক সাৰ কাৰখানা হিচাপে উৎপাদন আৰম্ভ কৰা ঐতিহাসিক 'নামৰূপ-১' গোটটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। ইয়াৰ ঠাইত এতিয়া মূৰ দাঙি উঠিব অসমৰ ঔদ্যোগিক আৰু কৃষি ক্ষেত্ৰলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলগীয়া নতুন যৌথ উদ্যোগ 'অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড' (এ ভি এফ চি চি এল)।
পুৰণি স্মৃতিক বিদায় দি নামৰূপে এতিয়া সাজু হৈছে এক আধুনিক, সর্ববৃহৎ আৰু অত্যাধুনিক 'এম'নিয়া-ইউৰিয়া' প্লান্টক আদৰিবলৈ। নামৰূপৰ এই নৱৰূপ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলৰ বাবে কঢ়িয়াই আনিব এক স্বাৱলম্বী ভৱিষ্যৎ আৰু সৃষ্টি কৰিব হাজাৰ হাজাৰ নিয়োগৰ সুযোগ। ১৯৬৯ উৎপাদনক্ষম হোৱা এই প্রথম গোটটো ১৯৮৫ চনত বন্ধ হৈ পৰে আৰু তাৰ ঠাইত দ্বিতীয় আৰু তৃতীয় গোট উৎপাদনক্ষম হয়।
পৰৱৰ্তী পৰ্যায়ত ২০১২ চনত প্রথম গোটটো স্ক্রেপ দিয়া হয় যদিও সেই সময়ৰ স্ক্রেপৰ ঠিকাদাৰ প্ৰতিষ্ঠানে পিলিং টাৱাৰটো নভঙাকৈ থৈ যায়। বর্তমান সময়ত সাৰ কাৰখানাৰ নতুন গোট এ ভি এফ চি চি এল নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত পিলিং টাৱাৰটো ভাঙি পেলোৱা হয়। উক্ত স্থানতেই নতুন গোট নিৰ্মাণৰ কুচকাৱাজ চলি আছে।