ভাৰতত স্থাপন হ'ব ৫খন শীর্ষ ব্রিটিছ বিশ্ববিদ্যালয়ৰ চৌহদ

dainik janambhumi July 26, 2025

ডিজিটেল ডেস্ক : ভাৰত-ব্রিটেইনৰ (ইউ কে) উচ্চ শিক্ষাৰ সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতত চৌহদ স্থাপন কৰিবলৈ সাজু হৈছে ৫খন মর্যাদাসম্পন্ন ব্রিটিছ বিশ্ববিদ্যালয়। ছাউথ এম্পটন বিশ্ববিদ্যালয়ে ইতিমধ্যেই যোৱা ১৬ জুলাইত গুৰুগ্ৰামত চৌহদ স্থাপন কৰিলে। উল্লেখযোগ্য যে ভাৰতত চৌহদ স্থাপন কৰা এইখনেই হৈছে প্রথম বিদেশী বিশ্ববিদ্যালয়। 

বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে মুক্ত বাণিজ্য চুক্তিৰ বিষয়ত যুটীয়া সংবাদমেলত কয়, 'শিক্ষাৰ ক্ষেত্ৰতো আমি একেলগে নতুন অধ্যায় ৰচনা কৰিছোঁ। ব্রিটেইনৰ ৬খন বিশ্ববিদ্যালয়ে ভাৰতত তেওঁলোকৰ চৌহদ মুকলি কৰিব। যোৱা সপ্তাহত ছাউথ এম্পটন বিশ্ববিদ্যালয়ে গুৰুগ্ৰামত তেওঁলোকৰ প্ৰথমটো চৌহদ মুকলি কৰিলে।' 

লণ্ডনৰ ভাৰতৰ উচ্চায়োগ আৰু ইষ্টার্ন আইৰ মতে ছাউথ এম্পটন বিশ্ববিদ্যালয়, লিভাৰপুল বিশ্ববিদ্যালয়, য়র্ক বিশ্ববিদ্যালয়, এবেৰডীন বিশ্ববিদ্যালয় আৰু ব্রিস্টল বিশ্ববিদ্যালয়ৰ সৈতে 'প্রাথমিক সংকল্পৰ নথি'ত (লেটাৰ অব্ ইনটেন্ট) স্বাক্ষৰ কৰা হৈছে। ছাউথ এম্পটন বিশ্ববিদ্যালয়ে গুৰুগ্ৰামত চৌহদ মুকলি কৰাৰ পাছত লিভাৰপুলে বেংগালুৰু তথা য়র্ক, এবেৰডীন আৰু ব্ৰিষ্টলে মুম্বাইত চৌহদ স্থাপন কৰিব।

Share This