কলগাছিয়াৰ তিতাপানীত অঘটন ; ট্ৰেক্টৰ দুৰ্ঘটনাত পাঁচ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

Kakali Deka April 28, 2025

ডিজিটেল ডেস্কঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিতাপানী গাঁৱত দেওবাৰে সন্ধিয়া মাকৈ কঢ়িয়াই নিয়া ট্ৰেক্টৰৰ খুন্দাত এটি কণমানি পাঁচ বছৰীয়া শিশুৰ কৰুণ মৃত্যু সংঘটিত হোৱাত অঞ্চলব্যাপী শোকৰ ছাঁ পৰিছে। 

জানিব পৰা মতে,গাঁওখনৰ আব্দুৰ ৰছিদৰ মাকৈ কঢ়িয়াই নিয়া AS 15AC 5383 নম্বৰৰ ট্ৰেক্টৰ চালক বাছেদ আলীয়ে তিতাপানী গাঁৱৰ ৰবিয়াল ইছলামৰ পুত্ৰ ৰাকিবুল ইছলামক(৫) খুন্দা মাৰে যাৰ ফলত পাঁচ বছৰীয়া কণমানি শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু স্থানীয় ৰাইজে তৎক্ষণাৎ চেনিমাৰী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

শিশুটিৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে। ঘটনা সংঘটিত হোৱাৰ পিছত কলগাছিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ট্ৰেক্টৰ চালক বাছেদ আলীয়ে পলায়ন কৰিছে।

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This