১০মিনিট পলমৰ বাবে যাত্রা নহ'ল বিমানত

dainik janambhumi June 13, 2025

ডিজিটেল ডেস্ক : লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই-১৭১ বিমানখনত মাত্র ১০ মিনিটৰ বাবে যাত্রা কৰিব নোৱাৰিলে ভূমি চৌহান নামৰ এগৰাকী মহিলাই। এই অভিশপ্ত বিমানখনেই উৰণৰ কেই মিনিটমানৰ পাছতে আহমেদাবাদত দুর্ঘটনাত পতিত হয়। 

চৌহানে কয় যে যান-জটৰ বাবে মাত্র ১০ মিনিটৰ বাবে তেওঁ বিমানখন ধৰিব নোৱাৰিলে আৰু সেইবাবেই তেওঁ এটা নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল। 

চৌহানে কয়, 'এতিয়াও মোৰ গা কঁপি আছে। বিমান দুর্ঘটনাটোত প্রায় সকলো যাত্রী নিহত হোৱাৰ খবৰ পাই মই বাকৰুদ্ধ হৈ পৰিছোঁ।' চৌহানে দুবছৰৰ পাছত ভাৰতলৈ আহিছিল। তেওঁ লণ্ডনত স্বামীৰ সৈতে বাস কৰি আছিল।

Share This