ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ, ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ'ব ইউৰোপত

dainik janambhumi April 17, 2026

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে ইন্ধনৰ নাটনি হোৱাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাই (আইইএ) সতর্কবাণী জাৰি কৰিছে যে ইউৰোপীয় দেশবোৰত আৰু ৬ সপ্তাহ চলিব পৰাকৈ জেট ইন্ধন মজুত আছে। ৬ সপ্তাহৰ পাছত জেট ইন্ধন শেষ হ'লে সমগ্র ইউৰোপীয় দেশবোৰত বিমানৰ চলাচল বন্ধ হ'ব। 

ইৰানৰে যুদ্ধ অব্যাহত থাকিলে তেল যোগান ব্যাহত থাকিব আৰু সমগ্র ইউৰোপত বিমানৰ চলাচল বাতিল কৰিব লাগিব বুলি আই ই এই আশংকা প্রকাশ কৰিছে। আই ই এৰ মুৰব্বী ফাতিহ বিৰলে এই পৰিস্থিতিক অভূতপূর্ব শক্তি সংকট আখ্যা দিছে। 

হৰমুজ প্রণালীৰে তেল, গেছ আৰু অন্য পেট্রলিয়াম সামগ্ৰীৰ জল পৰিবহণত ব্যাঘাত হোৱাৰ পাছতে এই বিশ্বজনীন ইন্ধন সংকটৰ সৃষ্টি হৈছে বুলি আই ই এৰ মুৰ্ব্বীজনে কয়। এই 'শুকাই যোৱা হৰমুজ প্রণালী'ৰ বাবে বিশ্বৰ অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পৰিছে বুলি তেওঁ কয়।

Share This