পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি

dainik janambhumi September 09, 2025

ডিজিটেল ডেস্কঃ পঞ্জাবত বান পৰিস্থিতি ক্রমান্বয়ে উন্নত হৈছে। বান পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনে কিছু জিলাত শৈক্ষিক প্রতিষ্ঠানসমূহত পাঠদান পুনৰ আৰম্ভ কৰিবলৈ নির্দেশ দিয়া হৈছে। 

ৰাজ্যখনত বানত ২০০০ গাঁৱৰ ৩ লাখ ৮৭ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। পঞ্জাবত বানত এই পর্যন্ত প্রায় ১৩,২৮৯ কোটি টকাৰ ক্ষতি হৈছে। এই তথ্য পঞ্জাব চৰকাৰে প্ৰকাশ  কৰে।

 মুখ্য সচিব কে এ পি সিন্‌হাৰ নেতৃত্বত ৰাজ্যৰ এটা প্রতিনিধি দলে কেন্দ্ৰীয় প্রতিনিধি দলৰ সৈতে দেওবাৰে বিয়লি এখন বৈঠকত বহে আৰু এই বৈঠকত বানত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান দাঙি ধৰে। তথ্য অনুসৰি গুৰদাসপুৰ আৰু অমৃতসৰ জিলাত ধানখেতিৰ সৰ্বাধিক ক্ষতি হৈছে। পঞ্জাবৰ বিত্ত মন্ত্ৰী হৰপাল চিমাই কয় যে কেন্দ্রই শীঘ্রে ৬০ হাজাৰ কোটি টকা বকেয়া ধন মুকলি কৰি দিয়া উচিত।

Share This