ডিজিটেল ডেস্কঃ সন্ধানহীন লোকৰ বাবে উদ্ধাৰ অভিযান চলি থকাৰ মাজতে আমেৰিকাৰ টেক্সাছ প্রদেশত হোৱা প্রলয়ংকৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২জনলৈ বৃদ্ধি পাইছে।
টেক্সাছৰ গৱৰ্নৰ গ্রেগ এব'টে দেওবাৰে কয় যে আমেৰিকাৰ দক্ষিণৰ ৰাজ্যখনত বানৰ তিনি দিনৰ পাছতো ৪১জন সন্ধানহীন হৈ আছে। তেওঁৰ মতে, সন্ধানহীন লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। টেক্সাছত হোৱা বানত আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে কেৰ কাইণ্টিত।
দেওবাৰে কেৰ কাউন্টিৰ শ্বেৰিফ লেৰী লেইথাই কয় যে উদ্ধাৰকাৰীয়ে ২৮টি শিশুকে ধৰি ৬৮গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰে। ২৮টি শিশুৰ মৃতদেহৰ বেছিভাগেই হৈছে ছোৱালীৰ বাবে অনুষ্ঠিত কৰা খ্ৰীষ্টান গ্রীষ্মকালীন শিবিৰ কেম্প মিষ্টিকৰ পৰা সন্ধানহীন হোৱা ছোৱালীৰ। কেৰৰ বাহিৰেও ট্রেভিছ কাউন্টি, বার্নেট কাউন্টি, কেণ্ডল কাউন্টি আৰু টম গ্রীন কাউন্টিতো মানুহৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।