কৰ্ণাটকৰ প্ৰাঃ আৰক্ষী সঞ্চালকৰ হত্যাৰ গোচৰ, অভিযুক্ত পত্নী পল্লৱীক গ্ৰেপ্তাৰ

dainik janambhumi April 22, 2025

ডিজিটেল ডেস্ক : কৰ্ণাটকৰ প্ৰাক্তন সঞ্চালক প্রধান ওম প্ৰকাশৰ মৃত্যুৰ গোচৰত আৰক্ষীয়ে তেওঁৰ পত্নী জড়িত হৈ থকাৰ প্ৰমাণ পাইছে। তেওঁৰ পত্নী পল্লৱীয়ে তেওঁক ছুৰীকাঘাত কৰি প্ৰাণ লোৱাৰ পূৰ্বে জলকীয়াৰ গুড়িও ছটিয়াইছিল। 

স্বামীৰ মৃত্যুৰ গোচৰটোত জড়িত থকাৰ পৰ্যাপ্ত প্রমাণ পোৱাৰ পাছত পল্লৱীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। তেওঁলোকৰ কন্যা কৃতিকো আটক কৰা হয়। দেওবাৰে, ১৯৮১ বৰ্ষৰ আই পি এছ বিষয়া প্রকাশৰ ৰক্তাক্ত মৃতদেহ তেওঁৰ বাসভৱনত উদ্ধাৰ হৈছিল। 

সূত্রসমূহে কয় যে তীব্র ৰূপ ধাৰণ কৰা ব্যক্তিগত কাজিয়াৰ পৰিণতিতেই এই হত্যাকাণ্ড সংঘটিত হয়। প্রকাশক হত্যাৰ পাছত তেওঁৰ পত্নী পল্লৱীয়ে বন্ধু এজনক ভিডিঅ' কল কৰি তেওঁ ৰাক্ষসটোক হত্যা কৰা বুলি কোৱাৰ অভিযোগ উঠিছে।

Share This