'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা

dainik janambhumi July 15, 2025

ডিজিটেল ডেস্কঃ প্রাক্তন মিছ পুডুচেৰী তথা ফেশ্বন উদ্যোগত সর্বাত্মক অংশগ্ৰহণৰ হকে মাত মতা ছেন ৰেচাল গান্ধীৰ শনিবাৰে জৱাহৰলাল ইনষ্টিটিউট অব্ প'ষ্ট গ্রেজুৱেট মেডিকেল এডুকেশান এণ্ড ৰিছাৰ্চত (জি আই পি এম ই আৰ) মৃত্যু হয়।

 ২৬ বছৰীয়া ৰেচালে ৫ জুলাইত শ্লীপিং পিল খাই আত্মহত্যাৰ চেষ্টা কৰিছিল। ফেশ্বন উদ্যোগত প্রতিবন্ধক ভঙা আৰু বৈচিত্র্যৰ হকে মাত মতাৰ বাবে ৰেচাল জনাজাত আছিল। 

সৰুতেই মাতৃক হেৰুওৱা ৰেচালক দেউতাকে ডাঙৰ-দীঘল কৰিছিল। উদ্যোগৰ বাধাক নেওচি ৰেচাল বৰ্ণবাদৰ বিৰুদ্ধে শক্তিশালী কণ্ঠ হৈ উঠিছিল। ফেশ্বন উদ্যোগত 'বগা ছাল'ৰ আধিপত্যৰ বিৰুদ্ধে প্রত্যাহ্বান জনাই ৰেচালে স্বীকৃতি লাভ কৰিছিল।

Share This