আফগান মহিলাক শিক্ষাৰ অধিকাৰ দিয়ক, তালিবান চৰকাৰলৈ প্রাক্তন ৰাষ্ট্ৰপতিৰ আহ্বান

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক : আফগানিস্তানৰ মহিলাক শিক্ষাৰ অধিকাৰ প্ৰদানৰ বাবে তালিবান চৰকাৰক আহ্বান জনাইছে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজায়ে। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ ক্ষণত তেওঁ ৰাষ্ট্ৰ গঠনত মহিলাৰ ভূমিকাৰ কথা উল্লেখ কৰি দেশখনৰ চৰকাৰৰ প্ৰতি আহ্বান জনাই কয় যে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মহিলাৰ শিক্ষা অপৰিহাৰ্য। তেওঁ মহিলাৰ বিৰুদ্ধে দেশখনৰ শাসক বৰ্গই কৰি অহা বৈষম্যৰ অন্ত পেলোৱাৰ বাবেও আহ্বান জনায়। 

উল্লেখযোগ্য যে ২০২১ চনত শাসনলৈ অহাৰ পাছৰে পৰা তালিবান শাসকবর্গই আফগানিস্তানত মহিলাৰ বিৰুদ্ধে বিভিন্ন বিষয়ত নিষেধাজ্ঞাৰ আৰোপ কৰি ৰাখিছে। 

ইয়াৰ ভিতৰত মাধ্যমিক আৰু উচ্চ শিক্ষা গ্ৰহণৰ পৰা মহিলাক বাৰণ কৰি ৰখাৰ লগতে দেশখনৰ বিভিন্ন খণ্ডত মহিলাৰ নিযুক্তিত বাধা আৰোপ কৰা আছে।

Share This