৪০ মিনিট অপেক্ষা কৰিলে পুটিনৰে বৈঠকৰ বাবে, আন্তঃৰাষ্ট্ৰীয় মঞ্চত অপমানিত পাক প্রধানমন্ত্রী শ্বৰীফ

dainik janambhumi December 13, 2025

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় স্তৰত পুনৰ অপমানিত হ'ল সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। তুর্কমেনিস্তানৰ ৰাজধানী আছগাবাত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰিবলৈ ৪০ মিনিট সময় অপেক্ষা কৰিব লগা হ'ল শ্বৰীফ।

 এই সময়খিনিত অধৈর্য হৈ পৰে শ্বৰীফ আৰু অৱশেষত পুটিনে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ টায়ীপ এডোগানৰ সৈতে এখন বৈঠকত অংশ লৈ থকাৰ সময়তে বিনা অনুমতিত বৈঠকস্থলীত প্ৰৱেশ কৰিলে পাক প্রধানমন্ত্রীজনে। ১০ মিনিটৰ পাছতে তেওঁ বৈঠকস্থলী ত্যাগ কৰে। প্ৰধানমন্ত্ৰী শ্বৰীফৰ ৪০ মিনিটজোৰা অপেক্ষা আৰু অনুমিতি বিহীনভাৱে বৈঠকস্থলীত প্ৰৱেশৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ হৈছে শ্বৰীফ।

উল্লেখযোগ্য যে পূৰ্বৰ ছোভিয়েট ৰুছিয়া ভংগৰ ৩০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তুর্কমেনিস্তানে এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকলৈ ৰুছিয়া, তুৰস্ক, ইৰান আৰু পাকিস্তানক আমন্ত্রণ জনোৱা হৈছিল।

Share This