ডিজিটেল ডেস্ক: ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত সৃষ্টি হোৱা কৃত্রিম বানৰ কবলৰ পৰা মহানগৰবাসী কালি তৃতীয় দিনাও সম্পূর্ণ মুক্ত হোৱা নাই। বতৰ ফৰকাল হোৱাৰ পাছতো বানমুক্ত হোৱা নাই গুৱাহাটী। মহানগৰীৰ বিভিন্ন স্থান কালিও জলমগ্ন হৈয়ে আছে। কেইবাটাও স্থানৰ বহু বাসগৃহৰ ভিতৰত কালিও পানী সোমাই আছে। মহানগৰীৰ কৃত্রিম বানত এই পর্যন্ত চাৰিজন লোক মৃত্যুমুখত পৰিছে। ইফালে, মহানগৰীৰ কৃত্রিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত গুৱাহাটীত আছুৱে প্রবল বিক্ষোভ প্রদর্শন কৰে।
উল্লেখযোগ্য যে কালি তৃতীয় দিনাও গুৱাহাটী মহানগৰী কৃত্রিম বানৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পৰা নাই। মহানগৰৰ অনিল নগৰ, নবীন নগৰ, ৰূক্মীণি গাঁৱকে ধৰি বহু অঞ্চল কালিও কৃত্রিম বানৰ কবলত আছে। বহু দ অঞ্চলৰ পৰা পানী নিষ্কাশন সম্পূর্ণ নোহোৱাত সেই অঞ্চলৰ বাসগৃহও পানীত বুৰ গৈ আছে। সমান্তৰালভাৱে বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত কেইবাদিনলৈ বতৰ বেয়া হোৱাৰ লগতে ধাৰাসাৰ বৰষুণ অব্যাহত ৰখাৰ আগলি বতৰা দিয়াৰ পাছত ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে মহানগৰবাসীক সাৱধান হৈ থকাৰ পৰামৰ্শ প্রদান কৰিছে। লগতে জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাবৰ বাবেও সকীয়াই দিছে।
ইফালে মহানগৰৰ অধিকাংশ এলেকা বানমুক্ত হোৱাৰ লগতে নলাৰ পানী হ্রাস পোৱাৰ পাছত বিভিন্ন স্থানত উটি অহা কেইবাটাও মৃতদেহ উদ্ধাৰ হৈছে। চলিত কৃত্রিম বানত মাত্র তিনিটা দিনত মহানগৰীত চাৰিটা মৃতদেহ উদ্ধাৰ হৈছে। গুৱাহাটীত মালিগাঁও, সাউকুছি, জ্যোতিকুছি আৰু পামহী লাচিতগড়ত কৃত্রিম বানে এইপর্যন্ত প্রাণ কাঢ়ি নিয়া ৪জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। কৃত্রিম বান আৰম্ভ হোৱাৰ দিনাই ১৯ এপ্রিলত মালিগাঁৱৰ উন্মুক্ত নলাত পৰি পায়েল নাথ নামৰ ধাৰাপুৰৰ মহিলাগৰাকী মৃত্যুমুখত পৰিছিল।
কালি পুৱাই মহানগৰীৰ সাউকুছি, জ্যোতিকুছি আৰু পামহী লাচিতগড়ত নলা বা নৈত উটি অহা আন তিনিটা মৃতদেহ উদ্ধাৰ হয়। সাউকুছিৰ বশিষ্ঠ নৈত পুৱাই এটা মৃতদেহ উদ্ধাৰ হয়। মৃত লোকজন হাতীগাঁৱৰ সিজুবাৰী নটবমাৰ আখতাৰ আলী বুলি জানিব পৰা গৈছে। শাৰীৰিকভাৱে অক্ষম আখতাৰ আলী যোৱা ১৯ এপ্ৰিলৰ পৰাই সন্ধানহীন হৈ আছিল। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি দেখা পাই আখতাৰ আলীৰ পৰিয়ালে ঘটনাস্থলীলৈ গৈ মৃতদেহটো চিনাক্ত কৰে। ইফালে সাউকুছিৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ কিছুসময়ৰ পাছতে জ্যোতিকুছিত আন এটা মৃতদেহ উদ্ধাৰ হয়। জ্যোতিকুছিৰ মৰা ভৰলুত ৰাইজে মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত মৃতদেহটো অসীম কলিতাৰ বুলি চিনাক্ত কৰা হয়। পেছাত ইলেকট্রিচিয়ান অসীম কলিতাও ১৯ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছিল।
আনহাতে, পামহী লাচিতগড়ৰ এটা পুখুৰীতো আন এটা মৃতদেহ উদ্ধাৰ হয়। পুখুৰীটো মাধুৰ্য ৰাভা নামৰ এজন লোকৰ চৌহদত অৱস্থিত। আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পুখুৰীটো লাচিতগড় নলাৰ সৈতে সংযোগ থকাৰ কথা সদৰী কৰি সেই নলাৰে মৃতদেহটো উটি অহা বুলি সন্দেহ প্রকাশ কৰে। এইপর্যন্ত নিহত লোকজনক চিনাক্ত কৰিব পৰা হোৱা নাই।