ডিজিটেল ডেস্ক: দুদিনীয়াকৈ অনুষ্ঠিত ভাৰতীয় লাইটহাউছ ফেষ্টিভেল ৩.০ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এই অনুষ্ঠানে বিশাখাপট্টনমক 'ভাৰতৰ সামুদ্রিক ঐতিহ্য আৰু উপকূলীয় সংস্কৃতিৰ এক প্ৰদীপ্ত প্ৰাণকেন্দ্ৰ ' হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতীয় লাইট হাউছ ফেষ্টিভেল ৩.০ ৰ অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, লাইটহাউছ ফেষ্টিভেলত প্ৰতিফলিত হৈছে লোকসংস্কৃতি আৰু ঐতিহ্যৰ উদ্ যাপন।
ৰাতিৰ আলোকসজ্জাই বিশাখাপট্টনমক ভাৰতৰ উপকূলীয় পৰিচয়ৰ এক জীৱন্ত উদযাপনলৈ পৰিণত কৰিছে। বিভিন্ন স্তৰৰ লোকৰ সক্রিয় অংশগ্রহণে এই উৎসৱক মুখৰ কৰি তুলিছে।' অধিৱেশনত সৰ্বানন্দ সোণোৱালে ভাৰতৰ পূব উপকূলৰ প্ৰথম লাইটহাউছ সংগ্রহালয় বিশাখাপট্টনমত গঢ়ি তোলাৰ কথা ঘোষণা কৰে। এই সংগ্ৰহালয়ক সামুদ্রিক শিক্ষা, ঐতিহ্য সংৰক্ষণ আৰু পৰ্যটন প্ৰসাৰৰ কেন্দ্ৰ হিচাপে কল্পনা কৰা হৈছে। সম্প্রতি দেশৰ ৭৫টা লাইটহাউছক পৰ্যটনৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ সফলতাৰ ওপৰত ভিত্তি কৰি সোণোৱালে কয়, 'চৰকাৰে এতিয়া দেশজুৰি অতিৰিক্ত ২৫টা লাইটহাউছ গঢ়ি তোলাৰ প্রস্তাৱ দিছে, বিশেষকৈ অন্ধ্রপ্রদেশত অধিক উপযুক্ত স্থান হিচাপে চিনাক্ত কৰি লাইটহাউছ-নিৰ্ভৰ পৰ্যটনক অধিক বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।
দেশজুৰি অতিৰিক্তভাৱে ২৫টা লাইটহাউছ বিকশিত কৰা হ'ব। আই এম ইউৰ অধীনত বিশাখাপট্টনমত প্ৰথমটো 'চেণ্টাৰ অৱ এক্সেলেন্স' 'ইণ্ডিয়া শ্বিপ টেকনলজি চেণ্টাৰ' স্থাপন কৰা হ'ব। সর্বানন্দ সোণোৱালে দেশজুৰি সামুদ্রিক সুৰক্ষা, ঐতিহ্য আৰু পৰ্যটনক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও নতুন পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে অসমত ৰাষ্ট্ৰীয় জলপথ-২ অর্থাৎ মহাবাহু ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথঘাটত চাৰিটা নতুন লাইটহাউছ নিৰ্মাণ কৰা হ'ব, যাতে আভ্যন্তৰীণ জলপথত নৌ-চলাচলৰ সুৰক্ষা বৃদ্ধি পায়। তদুপৰি সৰ্বানন্দ সোণোৱালে কয়, 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি প্রতিশ্রুতিবদ্ধ যে আমাৰ লাইটহাউছবোৰ কেৱল উপকূলতেই নহয়, বিভিন্ন সম্প্ৰদায়ৰ মনতো উজ্জ্বল হৈ থাকিব। এই উৎসৱৰ সফলতাই স্পষ্টভাৱে প্ৰমাণ কৰিছে যে লাইটহাউছ পর্যটনে স্থানীয় জীৱিকা সৃষ্টি কৰিব পাৰে, সামুদ্রিক সচেতনতা বৃদ্ধি কৰিব পাৰে। উপকূলীয় সম্প্রদায় আৰু তেওঁলোকৰ সামুদ্রিক ইতিহাসৰ বিষয়ে সজাগ কৰিব পাৰে।' বিশাখাপট্টনম বন্দৰ কর্তৃপক্ষ আৰু লাইটহাউছ-লাইটশ্বিপৰ সঞ্চালকালয়ৰ মাজত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। ইয়াৰ লক্ষ্য হৈছে বিশাখাপট্টনমত লাইটহাউছ সংগ্রহালয় গঢ়ি তোলা, ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্সত ৭৭ মিটাৰ উচ্চতাৰ লাইটহাউছ সংগ্রহালয় নিৰ্মাণ কৰা হৈছে ২৬৬ কোটি টকাৰ বিনিয়োগেৰে, যিটো বিশ্বৰ অন্যতম ডাঙৰ সামুদ্রিক সংগ্ৰহালয় হ'ব বুলি কল্পনা কৰা হৈছে।
লাইটহাউছ সংগ্ৰহালয়টি বিশ্বৰ আটাইতকৈ ওখ হিচাপে পৰিগণিত হ'ব। এই গাঁথনিয়ে লাইটহাউছৰ ইতিহাস আৰু বিৱৰ্তন প্ৰদৰ্শন কৰিব। ভাৰতীয় লাইটহাউছ ফেষ্টিভেল ৩.০-ৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশাখাপট্টনম বন্দৰত ২৩০ কোটি টকাৰ বন্দৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ শুভ উদ্বোধন কৰে। এই প্রকল্পসমূহে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা, জাহাজ মেৰামতিৰ সামৰ্থ্য বৃদ্ধি কৰা, প্রশাসনিক পৰিকাঠামোৰ আধুনিকীকৰণ কৰা আৰু বন্দৰত বাসস্থান সুবিধা উন্নত কৰাৰ লক্ষ্য ৰাখিছে। ই চৰকাৰৰ বিশ্বমানৰ, ভৱিষ্যতমুখী সামুদ্রিক পৰিকাঠামো গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে। ভাৰতৰ সামুদ্রিক খণ্ডত বিগত দশকত নীতিগত আৰু পৰিকাঠামো সংস্কাৰৰ জৰিয়তে যথেষ্ট ৰূপান্তৰ ঘটিছে। ২০২৪-২৫ চনত দেশৰ ১২টা প্রধান বন্দৰে ৮৫৫ মিলিয়ন টন কার্গো সঞ্চালন কৰিছে আৰু গঢ় জাহাজ ঘূর্ণন সময় ২০১৪ চনৰ ৯৬ ঘণ্টাৰ পৰা ২০২৫ চনত ৪৯.৫ ঘণ্টালৈ হ্রাস পাইছে, যাৰ ফলত ভাৰতীয় বন্দৰসমূহে বিশ্বৰ আটাইতকৈ কাৰ্যক্ষম বন্দৰৰ ভিতৰত স্থান লাভ কৰিছে। আজি নটা ভাৰতীয় বন্দৰে বিশ্বৰ শীৰ্ষ ১০০টাৰ ভিতৰত স্থান লাভ কৰিছে, বিশাখাপট্টনম বন্দৰে কন্টেইনাৰ ট্রেট্রফিকত শীর্ষ ২০ত স্থান লাভ কৰিছে। এই গতি সাগৰৰ্মালা কাৰ্যসূচীৰ দ্বাৰা অধিক শক্তিশালী হৈছে, য'ত ২৭২টা প্রকল্প ১.৪১ লাখ কোটি টকাৰে সম্পূৰ্ণ কৰা হৈছে, লগতে আভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱন ঘটিছে, য'ত কার্গো চলাচল ৭০০% ৰো অধিক বৃদ্ধি পাই প্রায় ১৫০ মিলিয়ন টন বছৰি হৈছে।
ভাৰতীয় লাইটহাউছ ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰতৰ পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি ভেঙ্কায়া নাইডুৰ দ্বাৰা উদ্বোধন কৰা হৈছিল। এই দুদিনীয়া সাংস্কৃতিক মহোৎসৱত পৰম্পৰাগত খাদ্য, উৎসৱ উদযাপন, নৃত্য আৰু নাটক প্রদর্শন, মত-বিনিময় কার্যকলাপ, উপকূলীয় সুস্বাদু খাদ্যৰ সোৱাদ অন্তর্ভুক্ত আছিল। সামৰণী অধিৱেশনত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে পর্যটন, পেট্র'লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপী, কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ সচিব বিজয় কুমাৰ, বিশাখাপট্টনম আৰু মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ এম অংগমুথু প্রমুখ্যে স্থানীয় জনপ্রতিনিধিসকল।