ডিজিটেল ডেস্কঃ 'বিশ্বৰ উৎকৃষ্ট বিদ্যালয়' সন্মানীয় বঁটাৰ বাবে বিশ্বৰ ১০ খন বিদ্যালয়ৰ চূড়ান্ত তালিকাত চাৰিখন ভাৰতীয় বিদ্যালয়ে স্থান লাভ কৰিছে। ব্রিটেইনভিত্তিক সংস্থা টি৪ এডুকেশ্যনে প্রদান কৰিবলগীয়া এই সন্মানীয় বিশ্বজনীন স্বীকৃতিৰ বাবে ভাৰতীয় চাৰিখন বিদ্যালয়ে শীৰ্ষৰ ১০টা স্থানত স্থান লাভ কৰাটোৱে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে।
সমগ্ৰ বিশ্বৰ বিদ্যালয়সমূহৰ ভিতৰত শিক্ষা আৰু সমাজৰ প্ৰতি অসাধাৰণ প্ৰভাৱ বিস্তাৰ কৰা বিদ্যালয়ক এই বার্ষিক বঁটা প্ৰদান কৰা হয়। বিশ্বৰ ভিতৰতে প্রথম ১০টা স্থানত তালিকাভুক্ত হোৱা ভাৰতীয় বিদ্যালয়সমূহ হৈছে হাৰিয়ানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ। সামূহিক সহযোগিতা, পৰিৱেশ সম্বন্ধীয় কার্যপন্থা, উদ্ভাৱনশীলতা, প্রতিকূল পৰিস্থিতিক অতিক্ৰম কৰা আৰু স্বাস্থ্যবান জীৱন-যাপনত সমর্থন প্রদান- এই পাঁচটা কেটেগৰীৰ এটাত উৎকৃষ্টতা প্রদৰ্শনৰ বাবে ভাৰতীয় চাৰিখন বিদ্যালয়ক প্রথম ১০টা স্থানৰ চূড়ান্ত তালিকাত স্থান দিয়া হৈছে।
কভিড-১৯ৰ সংকটৰ পাছতেই এই পদক্ষেপ লোৱা হৈছিল। শ্ৰেণীকোঠাৰ ভিতৰে- বাহিৰে অৰ্থৱহ পৰিৱৰ্তন অনা বিদ্যালয়সমূহক পোহৰলৈ অনাৰ বাবে এই বঁটাৰ সূচনা কৰা হৈছিল। চলিত বৰ্ষৰ বিজয়ীৰ নাম অক্টোবৰত ঘোষণা কৰা হ'ব আৰু ১৫-১৬ নৱেম্বৰত আবুধাবিত অনুষ্ঠিত হ'বলগীয়া বিশ্বৰ বিদ্যালয়সমূহৰ শীৰ্ষ সন্মিলনত এই বঁটা প্ৰদান কৰি বিজয়ী বিদ্যালয়খনৰ কাৰ্যপন্থা প্রদর্শন কৰা হ'ব। হাৰিয়ানাৰ ফৰিদাবাদৰ গভর্ণমেন্ট গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মহাৰাষ্ট্ৰৰ খেড়ৰ জেড পি স্কুল জলিন্দৰ নগৰ, কৰ্ণাটকৰ বেংগালুৰুৰ একৱা স্কুল, জে পি নগৰ আৰু উত্তৰ প্ৰদেশৰ দিল্লী পাব্লিক স্কুল, বাৰাণসীয়ে বিশ্বৰ শীৰ্ষৰ ১০খন বিদ্যালয়ৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছে।