ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীত আজি পুৱাই এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। চহৰখনৰ চাৰিখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু এটা বেংকৰ শাখালৈ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিভৰা ই-মেইল প্ৰেৰণ কৰা হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দিল্লী আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত হুৱাদুৱা লাগে।
আজি পুৱা প্ৰায় ৮-২০ বজাত দিল্লী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীলৈ প্ৰথমটো ফ'ন আহে। জানিব পৰা মতে, দিল্লী কেণ্টনমেণ্টস্থিত আৰ্মি পাব্লিক স্কুললৈ ই-মেইলযোগে এই ভাবুকি প্ৰেৰণ কৰা হৈছিল। ইয়াৰ ঠিক পাছতেই আন কেইবাখনো শিক্ষানুষ্ঠানৰ পৰাও অনুৰূপ ফ'ন আহিবলৈ ধৰে।
লক্ষ্য কৰি লোৱা প্ৰতিষ্ঠানসমূহ:
আৰ্মি পাব্লিক স্কুল, দিল্লী কেণ্ট (পুৱা ৮-২০ বজাত)
সলৱান পাব্লিক স্কুল, ময়ূৰ বিহাৰ (পুৱা ৮-৩৬ বজাত)
মীৰা পাব্লিক স্কুল, জনকপুৰী (পুৱা ৮-৪৫ বজাত)
এক্সিচ বেংক, বৰাখাম্বা ৰ'ড (পুৱা ৯-৪৮ বজাত)
ৰাবিয়া গাৰ্লছ পাব্লিক স্কুল, লাল কুৱা (পুৱা ৯-৫৮ বজাত)
ভাবুকি পোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে। স্কুলসমূহৰ পৰা শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষীৰ বিশেষ দল, বোমা নিষ্ক্ৰিয়কৰণ বাহিনী, ডগ স্ক'য়াড, অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ।
সূত্ৰ অনুসৰি, ই-মেইলটোত অট্টালিকাকেইটা উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। এতিয়ালৈকে চলোৱা তালাচীত কোনোধৰণৰ বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই। দিল্লী আৰক্ষীৰ চাইবাৰ চেলৰ এটা দলে এই ই-মেইলসমূহৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে যোৱা মাহতো দিল্লীৰ কেইবাখনো স্কুললৈ একেধৰণৰ ভাবুকিভৰা ই-মেইল আহিছিল, যিবোৰ পিছলৈ 'ভুৱা' বুলি প্ৰমাণিত হৈছিল। আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি জনাইছে আৰু ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে।
প্ৰাগ নিউজ ডিজিটেল