অষ্ট্ৰাহিন্দৰ চতুৰ্থ সংস্কৰণ পাৰ্থত আৰম্ভ, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীয়া সামৰিক অনুশীলন

dainik janambhumi October 14, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন 'অষ্ট্ৰাহিন্দ'ৰ চতুৰ্থ সংস্কৰণ কালি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হয়। ভাৰতীয় সেনা বাহিনীৰ এটা ১২০জনীয়া দল এই অনুশীলনত অংশ লৈছে। 

কেনবেৰাস্থিত ভাৰতীয় উচ্চ আয়োগৰ সূত্রই প্ৰকাশ কৰা মতে, এই অনুশীলনে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে পাৰস্পৰিক আস্থা আৰু সমন্বয়ৰ মনোভাব দৃঢ় কৰি তুলিব। গোর্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সেনা বাহিনীৰ অন্য শাখাৰ সৈনিকে এই দলৰ নেতৃত্ব বহন কৰিছে। 

সামৰিক সহযোগিতাৰ লগতে আন্তঃসঞ্চালন সামর্থ্য বৃদ্ধিয়েই এই অনুশীলনৰ মূল উদ্দেশ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। ইয়াৰ উপৰি, এই অনুশীলনত অংশগ্ৰহণ কৰা সৈনিকসকলক নগৰীয় বা উপ-নগৰীয় এলেকাত যুদ্ধৰ ৰণ-নীতি, প্রযুক্তি আৰু কৌশলৰ আদান-প্রদানৰ বাবে এখন মঞ্চ প্রদান কৰা হ'ব।

Share This