ডিজিটেল ডেস্ক : ভাৰত-ইংলেণ্ডৰ মাজৰ চতুৰ্থ টেষ্ট অহা ২৩ জুলাইত আৰম্ভ হ'ব। ৫খনীয়া শৃংখলা দখলৰ বাবে ইংলেণ্ডে অধিক সুবিধাজনক স্থিতিত থাকিব। লর্ডছত জয়ৰে ইংলিছ বাহিনীয়ে শৃংখলাত ২-১ ব্যৱধানত অগ্রগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে অৱশিষ্ট দুখন টেষ্ট ভাৰতৰ বাবে হ'ব জীৱন-মৰণৰ যুঁজ। তৃতীয় টেষ্টত জয়ী হ'লেও ইংলেণ্ডে এক ডাঙৰ আঘাত সহিবলগীয়া হৈছে। শৃংখলাৰ বাকী দুখন টেষ্টৰ পৰা বাহিৰ হৈছে ইংলেণ্ডৰ উদীয়মান দীর্ঘকায় অফ স্পীনাৰ শ্বোৱেইব বছিৰ। তৃতীয় টেষ্ট চলাকালীন বাওঁহাতৰ আঙুলিত আঘাত পাইছিল বছিৰে।
তৎসত্ত্বেও বছিৰে সাহসিকভাৱে বলিং আৰু ফিল্ডিং কৰি যায়। ইয়াৰ মাজতে বছিৰে ভাৰতৰ অন্তিমটো উইকেটৰ ৰূপত মহম্মদ ছিৰাজকো আউট কৰে। সম্প্রতি বছিৰৰ অস্ত্রোপচাৰৰ প্ৰস্তুতি আৰম্ভ হৈছে।
অহা সপ্তাহত সম্পন্ন হ'বলগীয়া অস্ত্রোপচাৰৰ বাবে তেওঁ শৃংখলাৰ অৱশিষ্ট খেলত ভাগ ল'ব নোৱাৰিব। ইংৰাজ অধিনায়ক বেন ষ্ট'কছৰ মতে এইটো দলৰ বাবে এক ডাঙৰ আঘাত যদিও বছিৰৰ আত্মত্যাগ আৰু নিষ্ঠাই সকলোকে উৎসাহিত কৰিব।