বিশ্ব কাপৰ প্ৰস্তুতি মেচত পৰাস্ত ফ্রান্স

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : আসন্ন বিশ্ব কাপৰ প্ৰস্তুতি মেচত আইভৰী কোষ্টৰ হাতত পৰাজয়বৰণ কৰে ফ্রান্সে। আনহাতে, ইৰাকৰ বিৰুদ্ধে ড্র খেলিলে স্পেইনে। অৱশ্যে, প্রস্তুতি মেচৰ ফলাফলৰ পৰা এটা দলৰ শক্তি বিচাৰ কৰাটো সঠিক নহয়। সাধাৰণতে বিশ্ব কাপৰ আগেয়ে এই মেচবোৰত ফুটবলাৰসকলে ১০০ শতাংশ উজাৰি নিদিয়ে। আঘাতৰ ক্ষেত্ৰত ফুটবলাৰসকল সতর্ক হৈ থাকে। প্রশিক্ষকেও মূলতঃ ফুটবলাৰসকলৰ মাজত বুজাপৰাৰ অভাৱ ঘটিছে নেকি অথবা দলত কোনো পৰিৱৰ্তনৰ প্ৰয়োজন আছে, এনেধৰণৰ বিষয়সমূহত দৃষ্টি নিক্ষেপ কৰে। বিশ্ব কাপৰ সকলো দলেই এনে মানসিকতা লৈয়েই প্রস্তুতি মেচত অৱতীৰ্ণ হয়। 

ফ্রান্স অথবা স্পেইনো ইয়াৰ ব্যতিক্রম নহয়। তেওঁলোকৰ বিৰুদ্ধে খেলা আইভৰী কোষ্ট আৰু ইৰাকেও বিশ্ব কাপত খেলিব। এই দুয়োটা দলেও একে মানসিকতা লৈ প্রস্তুতি মেচত অৱতীৰ্ণ হৈছিল। কাগজে-কলমে ফ্রান্স অথবা স্পেইনতকৈ আইভৰী কোষ্ট আৰু ইৰাক বহু পিছপৰি আছে। সেয়ে, স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি হৈছে। প্রস্তুতি মেচখনত পূর্ণ শক্তিৰেই নামিছিল ফ্রান্স। কিলিয়ান এমবাপে, মাইকেল ওলিচ, ৰায়ান চেৰকিৰ দৰে প্ৰথম একাদশৰ ফুটবলাৰক লৈ নামিছিল প্রশিক্ষক দিদিয়ে দেশে। প্রথমার্ধৰ শেষৰ ফালে ফ্রান্সক অগ্রগতি দিয়ে চেৰকিয়ে। পিছে দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে আফ্ৰিকাৰ দেশখনৰ হৈ সমতা স্থাপন কৰে গুয়েলো দুয়ে। গুয়েলোৰ এই গ'লেৰে ফ্ৰান্সৰ ৰক্ষণ বিভাগৰ সুৰোঙা উদঙাই দিয়ে। তাৰ মাজতে ৮৪ মিনিটত আইভৰী কোষ্টৰ হৈ দ্বিতীয় গ'লটো দিয়ে মাঞ্চেষ্টাৰ ইউনাইটেডৰ তৰুণ ফুটবলাৰ আমিদ দিয়ালোৱে। 

ইফালে, স্পেইনৰ প্ৰশিক্ষক দেলা ফুয়েন্টে ইৰাকৰ বিৰুদ্ধে খেলখনত মূলতঃ ৰিজার্ভ বেঞ্চৰ ফুটবলাৰক লৈ নামিছিল। ১৭ মিনিটত স্পেইনক অগ্রগতি দিয়ে ফেৰান টৰেছে। পিছে ২৭ মিনিটত ইৰাকৰ হৈ সমতা স্থাপন কৰে মাৰ্ছাছ ডস্কিয়ে। স্পেইনে অৱশিষ্ট সময়খিনিত একাধিকবাৰ আক্ৰমণ চলালেও গ'ল দিয়াত ব্যর্থ হয়।

Share This