ডিজিটেল ডেস্কঃ ৫০০ কোটিৰ কৰ ফাঁকি দি গ্ৰেপ্তাৰ হোৱা তিনিজন বিষয়াই মাত্র ৮ ঘণ্টাতে জামিন লাভ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাই নহয় ডাইৰেক্টৰ জেনেৰেল অব্ জি এছ টি ইন্টেলিজেন্সৰ বিষয়ালৈও সন্দেহৰ আঙুলি উঠিছে। ইমান বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি ইমান কম সময়তে জামিন লাভ কৰা দেশৰ এইটোৱেই প্রথম ঘটনা।
উল্লেখযোগ্য যে ৫০০ কোটি টকা কৰ ফাঁকি দিয়া তিনিজন ব্যৱসায়ী ক্ৰমে গৌৰৱ আগৰৱালা, দীপক আগৰৱালা আৰু বিনোদ আগৰৱালাক ১৯ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ইয়াৰে বিনোদ আগৰৱালাক গ্ৰেপ্তাৰৰ ৮ ঘণ্টাৰ পাছতে জামিন দিলে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। আদালতে নির্দেশটোত এই কথাও উল্লেখ কৰিছে যে ডিজি জি আই-এ তদন্তত চূড়ান্ত গাফিলতি কৰিছে।
গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীৰ অধিবক্তায়ো স্বীকাৰ কৰিছে যে ডি জি জি আইৰ বিষয়াই কোনো তদন্ত নকৰাকৈ একো নিয়ম-নীতি নমনাকৈ জধে-মধে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ডি জি জি আই-এ বিভিন্ন সময়ত জি এছ টিৰ গোচৰত বিভিন্ন লোকক গ্ৰেপ্তাৰ কৰে যদিও এইবোৰৰ কোনো সঠিক তদন্ত নোহোৱাৰ বাবে অভিযুক্তই সহজেই জামিন লাভ কৰিবলৈ সক্ষম হয়।