ডিজিটেল ডেস্ক : ২৫সংখ্যক গ্রেণ্ডশ্লাম খিতাপেৰে নতুন অভিলেখ ৰচাৰ সপোন পুনৰাই দিঠক নহ'ল ছার্বিয়ান তাৰকা টেনিছ খেলুৱৈ নোভাক জ'ক'ভিচৰ। শুকুৰবাৰে নিশা ফেন্স অ'পেনৰ পুৰুষ ছিংগলছৰ ছেমি ফাইনেলত জ'ক'ভিচক পোনপটীয়া ছেটত পৰাজিত কৰে য়ানিক ছিনাৰে। ছিনাৰ হৈছে এইবাৰ ফ্রেন্স অ'পেনৰ পুৰুষ ছিংগলছৰ শীৰ্ষ বাছনিপ্রাপ্ত। ৩৮ বছৰীয়া জ'ক'ভিচক ৬-৪, ৭-৫, ৭-৬ (৭-৩) ছেটত পৰাজিত কৰিবলৈ ছিনাৰক বিশেষ কষ্টৰ প্রয়োজন নহ'ল। ইটালিয়ান খেলুৱৈ ছিনাৰে মেচখনত ১০টা 'এছ' মাৰে, য'ত জ'ক'ভিচৰ আছিল মাত্ৰ ৪টা।
উল্লেখযোগ্য যে ছিনাৰে এ টি পি ট্যুৰত এতিয়ালৈকে ১৯টা খিতাপ জয় কৰিছে। ইয়াত আছে ৩টা গ্রেণ্ডশ্লাম খিতাপ। যোৱা বছৰ তেওঁ অষ্ট্ৰেলিয়ানৰ অপেন আৰু ইড এছ অপেনৰ খিতাপ জয় কৰিছিল। আনহাতে, এই বছৰ তেওঁ অষ্ট্ৰেলিয়ান অপেন খিতাপ জয় কৰিছে। ফাইনেলত এতিয়া ছিনাৰৰ প্রতিদ্বন্দ্বী হ'ব কার্লোছ আলকাৰাজ। স্পেইনীজ খেলুৱৈ আলকাৰাজে শুকুৰবাৰে প্রথমখন ছেমিত লৰেঞ্জো মাছেট্টিৰ বিৰুদ্ধে ৬-৭, ৭-৬ (৭-৩), ৬-০, ২-০ ছেটত আগবাঢ়ি থাকোঁতে আঘাতবশতঃ মাছেট্টিয়ে মেচখন এৰি দিব লগা হৈছিল।
২২ বছৰীয়া আলকাৰাজ এইবাৰ ফেন্স অপেনত দ্বিতীয় বাছনিপ্রাপ্ত। উল্লেখযোগ্য যে আলকাৰাজেও এতিয়ালৈকে ১৯টা খিতাপ জয় কৰিছে আৰু ইয়াত আছে ৪টা গ্রেণ্ডশ্লাম খিতাপ। যোৱা বছৰ তেওঁ ফেন্স অপেন আৰু উইম্বলণ্ডন জয় কৰিছিল। আনহাতে, ২০২৩ চনত উইম্বলণ্ডন আৰু ২০২২ চনত ইউ এছ অপেন জয় কৰিছিল। যোৱা বছৰ আলকাৰাজ বিশ্বৰ শীৰ্ষ স্থানীয় খেলুৱৈ আছিল। এতিয়া সেই আসন তেওঁ ছিনাৰক এৰি দিব লগা হৈছে।