ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ

dainik janambhumi October 07, 2025

ডিজিটেল ডেস্ক : ফ্ৰান্সৰ প্রধানমন্ত্রী ছেবাষ্টিয়েন লেকাৰ্নুৱে সোমবাৰে পদত্যাগ কৰে। তেওঁৰ নতুন কেবিনেটে বিতর্কত সোমাই পৰাৰ এদিনৰ পাছতেই যোৱা মাহত দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনে নিযুক্ত কৰা প্রধানমন্ত্রীজনে পদত্যাগ কৰে। বিগত ২ বছৰত পদত্যাগ কৰা লেকাৰ্নু হৈছে ফ্ৰান্সৰ পঞ্চমগৰাকী প্রধানমন্ত্রী। 

তেওঁৰ পদত্যাগৰ লগে লগে ক্ষমতাত মাত্র ২৭ দিন থাকি লেকাৰ্নুৱে ফ্রান্সৰ আটাইতকৈ কম দিনৰ প্রধানমন্ত্রী হিচাপে অভিলেখ গঢ়ে। 

তেওঁৰ মন্ত্রীসভাত পূৰ্বৰ মন্ত্ৰীসকলৰ প্ৰায়ভাগকেই বাহাল ৰখাৰ বাবে সোঁপন্থী মিত্র দলসমূহৰ পৰা হেঁচাৰ সন্মুখীন হোৱাৰ লগতে লেকাৰ্নুৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰো ভাবুকি দিয়া হৈছিল। ৩৯ বছৰীয়া লেকাৰ্নুৱে ইয়াৰ পূৰ্বে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Share This