ডিজিটেল ডেস্ক : দেশৰ ৰাজধানী দিল্লীত পেট্রল-ডিজেল চালিত বাহনৰ সংখ্যা হ্রাস কৰাত গুৰুত্ব দিছে কেন্দ্রীয় শাসিত অঞ্চলটোৰ বিজেপি চৰকাৰে। সোমবাৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা ।নেতৃত্বাধীন চৰকাৰখনৰ কেবিনেটে নতুন ইলেক্ট্রিক বাহন (ইভি) নীতিত অনুমোদন জনায়। ইয়াৰ লগে লগেই জীৱাশ্ম ইন্ধনত চলাব অট' ৰিক্সা আৰু দুচকীয়া বাহনৰ পঞ্জীয়ন কমি অহাটো নিশ্চিত হৈ পৰিল।
দিল্লী চৰকাৰৰ শীৰ্ষ সূত্ৰৰ তথ্য অনুসৰি দিল্লীত ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা কেৱল ই-অট' ৰিক্সাৰহে পঞ্জীয়ন কৰা হ'ব। আনহাতে, ২০২৮ চনৰ ১ এপ্ৰিলৰ ভিতৰত পেট্রল আৰু চি এন জি চালিত দুচকীয়া বাহনৰ পঞ্জীয়ন বন্ধ হ'ব। দিল্লীৰ এই নতুন ইভি নীতি ১ জুলাইৰ পৰা কাৰ্যকৰী হ'ব।
এই নতুন নীতিৰ অধীনত ইলেক্ট্রিক দুচকীয়া বাহন ক্রয় কৰাসকলক ৩০ হাজাৰ টকাৰ ৰাজসাহায্য দিয়া হ'ব। ঠিক তেনেদৰে ইলেক্ট্রিক তিনিচকীয়া বাহন ক্রয় কৰাসকলে ৫০ হাজাৰ টকাৰ ৰাজসাহায্য লাভ কৰিব। সেউজ গৃহ গেছৰ নিৰ্গমণ হ্রাস কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।