'জুবিন গাৰ্গৰ পৰা ধর্মেন্দ্ৰলৈকে...', ২৫ত ১০ বিশিষ্ট ব্যক্তিক হেৰুৱাই শোকস্তব্ধ দেশ

dainik janambhumi December 31, 2025

ডিজিটেল ডেস্কঃ ২০২৫ বৰ্ষত দেশে হেৰুৱালে বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিক। ভাৰতীয় সমাজ জীৱনলৈ অভূতপূর্ব অৱদান আগবঢ়োৱা ১০জন বিশিষ্ট ব্যক্তিৰ মৃত্যুৱে ভাৰতীয় ৰাজনীতি, সংগীত, অভিনয় জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰিলে। 

বছৰটোত সবাতোকৈ চর্চা লাভ কৰিছিল ভাৰতীয় সংগীত জগতৰ অগ্ৰণী শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাতৰিয়ে। যোৱা ১৯ ছেপ্টেম্বৰত অসম তথা ভাৰতৰ বিশিষ্ট সংগীতজ্ঞ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাতৰি পোৱাৰ পাছতেই অসমকে ধৰি সমগ্ৰ ভাৰতত শোকৰ বন্যা বৈছিল। জুবিনে ১৯ হাজাৰ ২৯৯ দিন জীয়াই থাকি ৪০টা ভাষাত ৪০ হাজাৰ গীত গাইছিল। 

আনহাতে, দেশৰ গুৰুত্বপূৰ্ণ জনজাতীয় নেতা তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিবু ছোৰেণৰ মৃত্যুত ঝাৰখণ্ডৰ লগতে সমগ্র দেশ শোকস্তব্ধ হৈছিল। ঝাৰখণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰত তেওঁ এজন কেন্দ্রীয় চৰিত্ৰ আছিল। ইফালে, আহমেদাবাদত সংঘটিত ভয়াৱহ বিমান দুর্ঘটনাটোত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ শোকাৱহভাৱে মৃত্যু হৈছিল। উক্ত দুর্ঘটনাটোত প্রাক্তন মুখ্যমন্ত্ৰীজনৰ সৈতে ২৪১জন লোকৰ মৃত্যু হৈছিল। আনহাতে, ২০২৫ বর্ষত ভাৰতীয় চিনেমা জগতৰ অগ্ৰণী কমেডিয়ান সতীশ শ্বাহৰ দেহাৱসান ঘটে। বিভিন্ন চিনেমা আৰু টিভি শ্ব'সমূহত তেওঁৰ কৌতুক অভিনয়ে দর্শকক আমোদ-মনোৰঞ্জন দিছিল। ইফালে, দাক্ষিণাত্যৰ চিনেমা জগতৰ বিশিষ্ট অভিনেত্রী বি সৰোজী দেৱীৰ চলিত বৰ্ষত মৃত্যু হয়। তেওঁ কানাড়া, তামিল, তেলুগু আৰু হিন্দী চিনেমাত অভিনয় কৰিছিল। কানাড়া চিনেমাৰ তেওঁ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ আছিল। 

আনহাতে, দেশভক্তিমূলক চিনেমাৰ বাবে জনাজাত বলিউডৰ প্রখ্যাত অভিনেতা-চিত্রনির্মাতা মনোজ কুমাৰক ২০২৫ বৰ্ষত হেৰুৱায় দেশবাসীয়ে। তেওঁ 'ছহীদ', 'উপকাৰ' আৰু 'ৰং দে বাসন্তী'ৰ দৰে চিনেমাত কৰা অভিনয়ৰ বাবে দেশত জনপ্ৰিয় হৈছিল। ইফালে, ২০২৫ বর্ষত দেশবাসীৰ বাবে সবাতোকৈ শোকৰ বাতৰিটো হ'ল বলিউডৰ 'হি মেন' খ্যাত অভিনেতা ধর্মেন্দ্ৰৰ মৃত্যু। ৮৯ বছৰ বয়সত দেশবাসীক কেইবাটাও দশক ধৰি মনোৰঞ্জন দি অহা প্রখ্যাত অভিনেতা ধর্মেন্দ্রই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ 'আয়া শ্রাবণ ঝুম কে', 'শ্বোলে', 'চুপকে চুপকে' আদি চিনেমাত অভিনয় কৰিছিল। ইফালে, প্রখ্যাত উদ্যোগপতি তথা অভিনেত্রী কৰিশ্মা কাপুৰৰ স্বামী সঞ্জয় কাপুৰৰ চলিত বর্ষতে মৃত্যু হয়। ৫৩ বছৰ বয়সতে তেওঁ ইহ সংসাৰ এৰি যায়। আনহাতে, জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ ৭৯ বছৰ বয়সত ২০২৫ বৰ্ষত দেহাৱসান ঘটে। তেওঁৰ কার্যকালতে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰা হৈছিল। 

ইফালে, ভাৰতীয় বিজ্ঞাপন জগতৰ অগ্রণী ব্যক্তি পীয়ুষ পাণ্ডেৰ চলিত বৰ্ষত দেহাৱসান ঘটে। তেওঁ 'আইকনিক অভিযান', যেনে- এছিয়ান পেইণ্টৰ 'হৰ ঘৰ কুচ কেহতা হেই', কেডৱাৰীৰ 'কুচ খাছ হে' আদি বিজ্ঞাপনৰ স্ৰষ্টা আছিল।

Share This