ডিজিটেল ডেস্ক : খাদ্য প্রস্তুতৰ ক্ষেত্রত স্বাস্থ্য বিধি মানি নচলাৰ অভিযোগত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) কেইবাবিধো খাদ্য আৰু খাদ্য ব্যাৱসায়িক প্রতিষ্ঠানলৈ জাননী জাৰি কৰিছে। কে এফ চি, ফ্লিপকাৰ্টৰ লগতে মেগীৰ বাবে নেছলে ইণ্ডিয়ালৈও জাননী দিয়া হৈছে।
মেগী নড'ৰ পেকেটত পোক-পতংগ উদ্ধাৰ হোৱা বুলি সামাজিক মাধ্যমত উঠা অভিযোগৰ ভিত্তিত এফ এছ এছ এ আই-এ নেছলে ইণ্ডিয়ালৈ জাননী প্ৰেৰণ কৰিছে। চৰকাৰী খাদ্য সুৰক্ষা সংস্থাটোৱে কোম্পানীটোৰ পৰা বিষয়টো সন্দর্ভত পদক্ষেপ গ্ৰহণৰ বিস্তৃত প্রতিবেদন (এ টি আৰ) বিচাৰিছে। তদুপৰি, কোম্পানীটোৱে মেগীত কিদৰে পোক ওলাবলৈ পালে আৰু ইয়াৰ নিৰাময়ৰ বাবে কি ব্যৱস্থা গ্রহণ কৰিছে সেয়াও এফ এছ এছ এ আইক জনাব লাগিব।
ইফালে, অন্ধ্র প্রদেশৰ এম ভি আৰ মলত থকা কে এফ চিখন অস্বাস্থ্যসন্মত পৰিৱেশত থকাৰ অভিযোগৰ ভিত্তিত কে এফ চিলৈ জাননী জাৰি কৰা হৈছে।