২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ 

Rashmi June 13, 2026

ডিজিটেল ডেস্ক: ধুবুৰীৰ বিশেষ পকছো (POCSO) আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত এজন প্ৰধান শিক্ষকক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। বিদ্যালয়ৰ পবিত্ৰ চৌহদৰ ভিতৰতে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱা এই জঘন্য কাণ্ডটোৰ আজি পাঁচ বছৰৰ অন্তত আদালতে চূড়ান্ত ৰায় ঘোষণা কৰে।

২০২১ চনৰ ১০ জুনত ধুবুৰী জিলাৰ ফকিৰগঞ্জস্থিত ছাতছিয়া জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ত এই লজ্জাজনক ঘটনাটো সংঘটিত হৈছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলে নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক বিদ্যালয়ৰ ভিতৰতে যৌন নিৰ্যাতন চলাইছিল।

দীৰ্ঘদিনীয়া শুনানিৰ অন্তত ধুবুৰীৰ বিশেষ ন্যায়াধীশ (পকছো) আলহাজ ছাবিনা মজুমদাৰে এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰে। আদালতে অভিযুক্ত প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলক দোষী সাব্যস্ত কৰি পকছো আইন, ২০১২-ৰ ধাৰা ১০-ৰ অধীনত দোষী সাব্যস্ত কৰি ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে। 
আদালতে নিৰ্দেশ দিছে যে জৰিমনা হিচাপে সংগ্ৰহ কৰা এই ধনখিনি ভুক্তভোগী ছাত্ৰীগৰাকীক আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰা হ'ব।
শিক্ষকৰ দৰে এক পবিত্ৰ বৃত্তিত থাকি ছাত্ৰীৰ ওপৰত চলোৱা এনে নিৰ্যাতনৰ বিৰুদ্ধে আদালতৰ এই কঠোৰ ৰায়দানে সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This