ডিজিটেল ডেস্ক: একমাত্ৰ গৰুৰ গাখীৰ বিক্ৰী কৰিয়েই চলি আছিল এটা দৰিদ্ৰ পৰিয়াল। সেই উপাৰ্জনৰেই ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰচ বহন কৰাৰ লগতে দৈনন্দিন জীৱন-জীৱিকাও নিৰ্বাহ কৰি আহিছিল তেওঁলোকে। কিন্তু এৰাতিৰ ভিতৰতে যেন থানবান হৈ পৰিল পৰিয়ালটোৰ সকলো সপোন। যোৱা নিশা কোনো অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে গোহালিত প্ৰৱেশ কৰি একেলগে পাঁচটা গৰু চুৰি কৰি লৈ যায়। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ধিঙৰ মোৱামাৰীৰ বিৰিঙাবাড়ী গাঁৱৰ লতিবুৰ ৰহমানৰ বাসগৃহত।
এই ঘটনাৰ পাছতেই গভীৰ হতাশা আৰু অনিশ্চয়তাৰ মাজত প্ৰতিটো মুহূৰ্ত কটাবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটো। যি গৰুৰ গাখীৰ বিক্ৰী কৰি তেওঁলোকে সংসাৰ চলাইছিল, সেই গৰুসমূহ হেৰুৱাই এতিয়া প্ৰতিটো মুহূৰ্ত চকুলোৰে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তাতোকৈ উদ্বেগজনক কথাটো হ'ল, কিছুদিন পূৰ্বেও একেই পৰিয়ালটোৰ প্ৰায় এক লাখ টকা মূল্যৰ এটা গৰু চোৰে চুৰি কৰি লৈ গৈছিল। সেই ক্ষতিৰ পৰা এতিয়াও স্বাভাৱিকভাৱে ঘূৰি উঠিব নোৱাৰোঁতেই পুনৰ একেলগে পাঁচটা গৰু চুৰি হোৱাত সম্পূৰ্ণৰূপে অসহায় আৰু সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো।
চুৰি হোৱা গৰু কেইটাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। এই চুৰিৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত আতংকৰ পৰিৱেশৰো সৃষ্টি কৰিছে। অতি শীঘ্ৰেই চোৰক গ্ৰেপ্তাৰ কৰি চুৰি হোৱা গৰুসমূহ উদ্ধাৰ কৰাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ধিং আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান আৰম্ভ কৰিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল