ফান অপাৰেশ্যন্‌ এণ্ড গেষ্ট এক্সপিৰিয়েন্স টীম, ফিফা বিশ্বকাপৰ গুৰুত্বপূৰ্ণ দায়িত্বত ডিব্ৰুগড়ৰ পিজা

dainik janambhumi June 12, 2026

ডিজিটেল ডেস্ক : ডিব্ৰুগড়ৰ এগৰাকী কন্যাই ক্রীড়া জগতত গঢ়ি তুলিছে এক অনন্য পৰিচয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈৰ পৰা আৰম্ভ কৰি বিশ্বৰ সর্ববৃহৎ ক্রীড়া আয়োজনসমূহত দায়িত্ব পালনলৈকে পিজা ভৰালীৰ যাত্ৰাই আজিৰ যুৱপ্ৰজন্মক অনুপ্রাণিত কৰিছে। 

শেহতীয়াকৈ কালিৰে পৰা অনুষ্ঠিত হ'ব লগা ফিফা বিশ্বকাপ ২০২৬ৰ ফান অপাৰেশ্যন্‌ছ এণ্ড গেষ্ট এক্সপেৰিয়েন্স টীমলৈ নিমন্ত্ৰণ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ডিব্ৰুগড় তথা অসমলৈ। ডিব্ৰুগড়ৰ দীপক কুমাৰ ভৰালী আৰু নিবামণি ভৰালীৰ কন্যা পিজা ভৰালী বৰ্তমান আমেৰিকাৰ চিকাগোেত বাস কৰে। শৈশৱৰ পৰাই ক্ৰীড়াৰ প্রতি গভীৰ অনুৰাগ থকা পিজাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ হিচাপে সফলতা লাভ কৰিছিল। 

অলিম্পিয়ান চাইনা নেহৱালৰ সৈতে যুটীয়াভাৱে ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপৰ ডাবলছ শাখাত খিতাপ জয় কৰি তেওঁ দেশজুৰি সুনাম অর্জন কৰিছিল। চিকাগোৰ DePaul University-ত Sports Management বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰা পিজাই বিশ্ববিদ্যালয়ত অধ্যয়নকালত তেওঁ প্রতিষ্ঠা কৰে বেডমিন্টন ক্লাব আৰু ইয়াৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি বিভিন্ন পটভূমিৰ ছাত্ৰ-ছাত্ৰীক ক্ৰীড়াৰ জৰিয়তে একত্ৰিত কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। আমেৰিকালৈ যোৱাৰ পূৰ্বে পিজা ভৰালীয়ে গুৱাহাটীত ভাৰতীয় ডাক বিভাগত কৰ্মৰত আছিল। বর্তমান তেওঁ NASCAR Chicago- Marketing Events Staff হিচাপে কৰ্মৰত। ইয়াৰ উপৰি Formula 1 Miami Grand Prix- Fan and Campus Operations বিভাগত কাম কৰাৰ লগতে আমেৰিকাৰ বিভিন্ন Harley-Davidson অনুষ্ঠানতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

শেহতীয়াকৈ পিজা ভৰালীক FIFA World Cup 2026-ৰ Fan Operations and Guest Experience Team-ত অন্তর্ভুক্ত কৰাৰ বাতৰিয়ে সকলোকে উৎসাহিত কৰিছে। বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্রতিযোগিতাৰ সৈতে জড়িত হোৱাৰ এই সুযোগক তেওঁ জীৱনৰ এক সপোন পূৰণ বুলি অভিহিত কৰিছে। 

ডিব্ৰুগড়ৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি বিশ্ব ক্রীড়া মঞ্চত এক নতুন অধ্যায় ৰচনা কৰিছে। ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নৰ পৰা FIFA বিশ্বকাপৰ আয়োজক টীমৰ সদস্য পিজা ভৰালীৰ এই সাফল্য নিঃসন্দেহে অসমৰ যুৱ সমাজৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস।

Share This