ডিজিটেল ডেস্ক : এম জি ৰামচন্দ্ৰণে (এম জি আব) ১৯৭৭ চনত তামিলনাডুৰ ৰাজনীতিত পৰিৱর্তন অনাৰ ৪৯ বছৰৰ পাছত এইবাৰ ৰাজনীতিৰ পথাৰত আত্মপ্রকাশ কৰা দক্ষিণৰ জনপ্রিয় অভিনেতা যোছেফ বিজয় চন্দ্রশেখৰণৰ তামিলাগা ভেট্টি কাজাগাম (টি ভি কে) দলে ৰাজ্যখনৰ ৰাজনীতিত অভূতপূর্ব পৰিৱৰ্তন আনিছে। বিধানসভাৰ নির্বাচনত প্রথমবাৰ নামিয়েই বিজয়ৰ টি ভি কেই ১০৮খন আসন দখল কৰে। অভিনেতাৰ পৰা ৰাজনীতিক হোৱা বিজয় এতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী হোৱাটো নিশ্চিত হৈছে। অভিনয়েৰে তামিলনাডুৰ জনতাৰ মন জয় কৰা বিজয়ে বহু দিনৰ পৰা ৰাজ্যখনৰ জনকল্যাণমূলক কার্যত জড়িত আছিল।
অভিনয়ৰ জৰিয়তে বিজয় অগাধ সম্পত্তিৰ মালিক হৈছে। জনকল্যাণমূলক কার্যত সততে নিয়োজিত থকা বিজয়ে কিন্তু ৰজাৰ দৰে জীৱন কটায়। তেওঁৰ আছে কেইবাটাও ৰাজপ্রাসাদ সদৃশ বাসভবন। নির্বাচনত অৱতীর্ণ হোৱাৰ বাবে মনোনয়ন দাখিলৰ সময়ত দিয়া শপতনামাত উল্লেখ কৰা মতে, বিজয়ৰ ৬০০ কোটি টকা মূল্যৰ সা-সম্পত্তি আছে। ভাৰতৰ অন্যতম এজন ধনী বাজনীতিক হিচাপে পৰিগণিত হোৱা বিজয়ৰ ৪০৪.৫৮ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আৰু ১৯৮.৬২ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে। চিনেমাই হৈছে তেওঁৰ উপাৰ্জনৰ মূল উৎস। দক্ষিণ ভাৰতীয় চিনেমাত তেওঁ সর্বাধিক উপার্জনকাৰী অভিনেতা হিচাপে পৰিগণিত হৈছে।
২০২৪-২৫ বর্ষতে বিজয়ে অভিনয়ৰ জৰিয়তে ১৮৪.৫৩ কোটি টকা উপার্জন কৰিছিল। আনহাতে, বিজয়ৰ বেংক ডিপজিট ২১৩ কোটি টকা আছে। তদুপৰি, বিভিন্ন বেংক একাউণ্টৰ জৰিয়তে তেওঁৰ বিনিয়োগ আছে। তেওঁৰ ১০০ কোটিব 'ফিক্সড্ ডিপ 'জিট' আছে আৰু যাৰ জৰিয়তে মাহিলি ২ লাখ টকা সুত পায়। চেন্নাইৰ বিভিন্ন স্থানত তেওঁৰ তেওঁৰ আবাসিক সম্পত্তি থকাৰ লগতে বিভিন্ন স্থানত কৃষিভূমি আছে। আনহাতে, তেওঁৰ পত্নীৰ ১৫.৭৬ কোটি টকা মূল্যৰ সম্পত্তি আছে বুলি শপতনামাত বিজয়ে উল্লেখ কৰিছিল।