অনিশ্চয়তাৰ দিশে ২০ লাখ পেলেষ্টাইনীৰ ভৱিষ্যৎ

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : ইজৰাইলত হামাছ নেতৃত্বাধীন সন্ত্রাসবাদী গোটে আক্ৰমণ কৰাৰ পাছত সূচনা হোৱা গাজা যুদ্ধৰ ১০০০ দিন সম্পূৰ্ণ হ'ল। ইজৰাইল আৰু হামাছৰ মাজত কেইবাবাৰো যুদ্ধ-বিৰতি চুক্তি হোৱাৰ পাছতো ইজৰাইলী সামৰিক বাহিনীয়ে গাজাত অবিৰত আক্ৰমণ চলাই আছে। এই অবিৰাম যুদ্ধত ইজৰাইলী আৰু পেলেষ্টাইনী উভয় পক্ষই সংকটৰ সম্মুখীন হৈছে। গাজাত ২০ লাখ পেলেষ্টাইনীৰ ভৱিষ্যৎ অনিশ্চয়তাৰ দিশে অগ্ৰসৰ হৈছে। 

ইজৰাইলী সেনাৰ অবিৰত আক্ৰমণৰ ফলত লাখ লাখ পেলেষ্টাইনী স্থানচ্যুত হৈছে অথবা ধ্বংসাবশেষৰ মাজতে আশ্রয় ল'ব লগা হৈছে। আজি যদি এঠাইত বাস কৰি আছে, কাইলৈ ক'ত বাসস্থান হ'ব, সেইটোৰ ক্ষেত্ৰত নিশ্চয়তা নোহোৱা হৈছে পেলেষ্টাইনীৰ। আনহাতে, ইজৰাইলী সামৰিক বাহিনীয়ে গাজাৰ আধা অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ আনিছে। ইজৰাইলে ইতিমধ্যে লক্ষ্য নির্ধাৰণ কৰিছে যে গাজাৰ ৭০ শতাংশ অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ আনিব। ইজৰাইলৰ আক্ৰমণত বহুতো পেলেষ্টাইনী নিহত হ'ল, বহুতো জীৱনলৈ ঘুণীয়া হ'ল। আহি থকা দিনবোৰত হামাছৰ সম্পূৰ্ণ অস্ত্ৰসম্বৰণ, গাজাৰ পুনৰ নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত থাকিব। কিন্তু সাম্প্রতিক সময়ত গাজাত পেলেষ্টাইনীৰ আতংকৰ প্ৰশমন হোৱা নাই। ইজৰাইলৰ দৈনিক আক্রমণত পেলেষ্টাইনী নিহত-আহত হৈয়ে আছে। 

যুদ্ধ-বিৰতি চুক্তি ঘোষণা হোৱাৰ পৰা মঙলবাৰলৈকে ১১০০ পেলেষ্টাইনী নিহত আৰু ৩৫০০ লোক আহত হৈছে আৰু ইয়াৰ ভিতৰত ৩৫০গৰাকী মহিলা-শিশুও আছে। ৰাষ্ট্ৰসংঘই বুধবাৰে সতৰ্ক কৰি দিয়ে যে ইজৰাইলৰ সামৰিক আগ্রাসন বৃদ্ধি হোৱাৰ লগে লগে গাজাত অসামৰিক লোকসকলৰ ভৱিষ্যৎ অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হৈছে।

Share This