দিক্-বিদিক্ হেৰুৱাইছে ইৰানীয়ে, ইৰানত শিক্ষাৰ্থীৰ ভৱিষ্যৎ অনিশ্চয়তাত

dainik janambhumi April 19, 2026

ডিজিটেল ডেস্ক: সমগ্র বিশ্বক পদানত কৰিব বিচৰা যুদ্ধোন্মাদ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ যুদ্ধ নীতিত ক্ষতিগ্রস্ত হৈছে সাধাৰণ জনজীৱন। ইৰানৰ সম্পদ গ্ৰাস কৰাৰ বাবে ইজৰাইলৰে মিলি ট্রাম্প বাহিনীয়ে ইৰানত চলোৱা আক্ৰমণত সাধাৰণ জনতাই দিক্-বিদিক্ হেৰুৱাই পেলাইছে। 

২৮ ফেব্ৰুৱাৰীৰ পৰা এক দুর্বিষহ জীৱন কটাইছে ইৰানী জনতাই। যুদ্ধ আৰম্ভ  হোৱাৰ দিনাৰ পৰাই যোৱা প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ। যাৰ ফলত ছাত্র-ছাত্ৰীসকলক ঘৰৰ পৰাই 'অনলাইন ক্লাছ' যোগে পাঠদান কৰি থকা হৈছে। কিন্তু তাতো আহি পৰিছে না না সমস্যা। কাৰণ চাকৰি কৰা পিতৃ-মাতৃয়ে এফালে সন্তান চম্ভালিব লগা হৈছে আৰু আনফালে একে সময়তে কার্যালয়তো সময় দিব লগা হৈছে। 

বৰ্তমান আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ বন্ধ আছে যদিও এক ভীতিগ্রস্ত পৰিৱেশ ইৰানৰ সাধাৰণ জনতাৰ মাজত এতিয়াও বর্তি আছে। তথ্য অনুসৰি, আমেৰিকাৰ আক্ৰমণত ইৰানত বর্তমানলৈকে প্রায় ৩০০০ লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৬৫জনৰ মৃত্যু হৈছিল এখন প্রাথমিক বিদ্যালয়ত মার্কিন বিমান আক্রমণত। যাৰ ফলত দেশখনত বিদ্যালয়সমূহ খুলিবলৈ আৰু লগতে অভিভাৱকে বিদ্যালয়লৈ নিজৰ সন্তানক পঠাবলৈও ভয় খাব লগা হৈছে। 

তাৰ মাজতেই উপায়বিহীন হৈ বহু চাকৰিজীৱীয়ে সন্তানক ঘৰত অকলে থ'বলৈ ভয় খাই কার্যালয়লৈ লৈ যাব লগা হৈছে। ইফালে, বহু পিতৃ-মাতৃয়ে আমেৰিকাৰ বিমান আক্ৰমণৰ পৰা সন্তানক ৰক্ষা কৰাৰ বাবে তেহৰান এৰি আন ঠাইত আশ্রয় লৈছেগৈ।

Share This