ডিজিটেল ডেস্ক : কেন্দ্রীয় চৰকাৰে দেশত ১০০% বিশুদ্ধ ইথানলক ইন্ধন হিচাপে ব্যৱহাৰৰ অনুমতি দিয়ে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গডকাৰিয়ে নাগপুৰত এটা অনুষ্ঠানত এই কথা প্রকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ সৈতে জড়িত নীতি-নিয়মসমূহক চূড়ান্ত ৰূপ দিয়া ফাইলত তেওঁ ইতিমধ্যে স্বাক্ষৰ কৰিছে।
এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হ'ল দেশক খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰা আৰু পৰিবহণ খণ্ডৰ পৰা হোৱা প্ৰদূষণ হ্রাস কৰা। তেওঁ কয় যে উক্ত ফাইলত স্বাক্ষৰ কৰাৰ পাছত দেশত এতিয়া ই ১০০ বা ১০০% ইথানল ইন্ধন ব্যৱহাৰৰ পথ মুকলি হ'ল।
দেশৰ যান-বাহন খণ্ডই এই পৰিৱৰ্তনক গ্ৰহণ কৰিছে আৰু কেইবাটাও আগশাৰীৰ কোম্পানীয়ে ১০০% ইথানলেৰে চালিত হ'বলগীয়া বাহন বজাৰলৈ উলিয়াই দিয়াৰ প্ৰস্তুতি চলাইছে। গডকাৰিৰ মতে টয়টা, ছুজুকি, এম জি আৰু হুণ্ডাইসহ আন কোম্পানীসমূহে অহা ছমাহৰ ভিতৰত এনে ধৰণৰ নতুন মডেল বজাৰলৈ উলিয়াই দিব, যি ১০০ ইথানলেৰে চলিব। তেওঁৰ মতে, ইথানলৰ পেট্ৰলৰ তুলনাত দাম কম হোৱাৰ লগতে দীর্ঘদিন টিকি থকা বিকল্প ইন্ধনৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে।