ডিজিটেল ডেস্কঃ আজিকালি প্ৰেমৰ বাবেই ৰাজ্যত সংঘটিত হ'বলৈ ধৰিছে ভয়ানক ঘটনা। তেনে এক ঘটনা সংঘটিত হ'ল গহপুৰত।
গহপুৰত প্ৰেমিক-প্ৰেমিকাই ল'লে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত । এসপ্তাহ পূৰ্বে ঘৰৰ পৰিয়ালে ল'ৰাৰ মন নথকা সত্ত্বেও বিয়া কৰাই দিছিল আন এগৰাকী যুৱতীৰ সৈতে। কিন্তু পত্নীক বিধৱা কৰি পূৰ্বৰ প্ৰেমিকাৰ সৈতে যুৱকজনে একেলগে আত্মহনন কৰা ঘটনাই গহপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰ নগৰৰ ৯ নং ৱাৰ্ডৰ কুকুৰজানৰ হেমন্ত মহানন্দ (২৪) নামৰ যুৱকজনৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেম আছিল পলী মণ্ডল (১৮) নামৰ যুৱতীগৰাকীৰ সৈতে। গহপুৰ থানাৰে বড়িগাঁও চেঙাই গাঁৱৰ দিলীপ মণ্ডলৰ কন্যাৰ সৈতে তিনি বছৰ ধৰি গভীৰ প্ৰেম চলি থকাৰ মাজতে যোৱা ১৩ মে'ত নগাঁও মিচা বাগানৰ এগৰাকী ছোৱালীৰ লগত হেমন্ত বিবাহপাশত আবদ্ধ হয়।
অভিযোগ মতে, হেমন্তৰ পৰিয়ালৰ হেঁচাত ইচ্ছা নথকা সত্ত্বেও প্ৰেমিকা পলীৰ অগোচৰে অন্য এগৰাকী ছোৱালীৰ লগত বিবাহ সম্পন্ন হয়।হেমন্তৰ অমতত হোৱা বিবাহক লৈ হেমন্ত সুখী নাছিল। প্ৰেমিকাক প্ৰতাৰণা কৰাত অনুতপ্ত হৈ পৰিছিল হেমন্ত।
শনিবাৰে নিশা হেমন্ত পূৰ্বৰ প্ৰেমিকা পলীক লগ কৰে আৰু দুয়ো ঘৰৰ পৰা ওলাই যায়। প্ৰেমিকাৰ ঘৰত বাহিৰলৈ গুচি যোৱাৰ কথা কৈ আহে। আজি পুৱা কুকুৰজানৰে গহপুৰ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এজোপা গছত দুয়োৱে চৰম সিদ্ধান্ত লোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে। পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী দণ্ডাধীশসহ উপস্থিত হৈ দুয়োৰে দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।