ডিজিটেল ডেস্ক : টেষ্ট ইতিহাসত ঘৰৰ মাটিত সবাতোকৈ বৃহৎ ব্যৱধানত পৰাজয়। ঘৰুৱা দুটা শৃংখলাত পৰাজয়। ৬৬ বছৰৰ পাছত পঞ্চমবাৰৰ বাবে ৭খন খেলৰ ভিতৰত ৫খনতে পৰাজয়বৰণ। ইয়াৰ পাছতো মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ ওপৰত ভাৰতীয় ক্রিকেট ব'র্ডে আস্থা হেৰুওৱা নাই। তিৰস্কাৰ নহয়, এইবাৰ পুৰস্কাৰ পুৰস্কৃত হোৱাৰ দিশে আগবাঢ়িছে গম্ভীৰ। অৱশ্যে তাৰ বাবে এটা চৰ্ত আছে। সেয়া হ'ল টি-২০ বিশ্ব কাপ জয় কৰা। সংবাদ মাধ্যমৰ এটা সূত্ৰৰ মতে, বি চি চি আয়ে মোটামুটিভাৱে সিদ্ধান্ত লৈছে যে যদি টি-২০ বিশ্ব কাপত টীম ইণ্ডিয়াই জয়ী হয়, তেন্তে পুৰস্কাৰ হিচাপে মুখ্য প্রশিক্ষক গম্ভীৰৰ কাৰ্যকাল আৰু ১ বছৰ বৃদ্ধি কৰা হ'ব।
তেনে স্থলত গম্ভীৰ ২০২৮ চনৰ অলিম্পিকলৈকে ভাৰতীয় দলৰ দায়িত্বত থাকিব। আচলতে টেষ্ট অথবা এদিনীয়াত ইমান সফল নহ'লেও ক্ৰিকেটৰ চুটি সংস্কৰণবিধত গম্ভীৰ যথেষ্ট সফল। ইয়াৰ পাছত ভাৰতীয় ব'ৰ্ডে অনুভৱ কৰে যে টি-২০ বিশ্ব কাপৰ খিতাপ জয় কৰিলে তেওঁ পুৰস্কাৰ পাব লাগে। সেয়া হ'ব চুক্তিৰ ম্যাদ বৃদ্ধি। সূত্ৰটোৱে লগতে দাবী কৰিছে বি চি চি আয়ে মুখ্য প্রশিক্ষক গম্ভীৰ ওপৰত আস্থা হেৰুওৱা নাই। ব'ৰ্ডৰ সৈতে ২০২৭ বিশ্ব কাপ পর্যন্ত গম্ভীৰৰ চুক্তি আছে, ফলত এতিয়াই গম্ভীৰক প্রশিক্ষক পদৰ পৰা আঁতৰাব খোজা নাই ব'ৰ্ডে। বৰং ব'ৰ্ডে তেওঁক অধিক সময় দিয়াৰ পক্ষপাতী।
ব'ৰ্ডৰ এক সূত্রই কয়, আগন্তুক দিনৰ বাবে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষকে নতুনকৈ দল গঠনৰ চেষ্টা কৰিছে। সেয়ে তেওঁক সময় দিয়া হ'ব। আনহাতে, ২০২৬ চনৰ টি-২০ বিশ্ব কাপ জিকিব পাৰিলেই তেওঁক অতিৰিক্ত ১ বছৰৰ প্রশিক্ষকৰ দায়িত্বত ৰখা হ'ব।