'২০ দিন, মই সঁচাকৈ জীয়াই আছোঁনে...'?
ডিজিটেল ডেস্কঃ '২০ দিন...। মই সঁচাই আছোঁনে জীয়াই...?' স্বামী জুবিন অবিহনে একুৰি দিন অতিক্ৰমৰ পাছতে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত পুনৰ আৱেগিক প'ষ্ট দি নিজৰ অন্তৰৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীনভাৱে ৰাজ্যবাসীয়ে ২০টা দিন অতিক্রম কৰিলে। এই দিনকেইটাত গৰিমাই অন্তৰত শোক আৰু ক্ষোভৰ একুৰা জুই লৈ ফুৰিবলগীয়া হৈছে। তেওঁৰ মনলৈ বাৰে বাৰে এটাই প্রশ্ন আহিছে- ছিংগাপুৰত প্ৰকৃততে হৈছিল কি? আৱেগ ৰোধ কৰিব নোৱাৰি কালি তেওঁ পুনৰ সামাজিক মাধ্যমযোগে নিজৰ মনৰ ভাব প্রকাশ কৰি প'ষ্ট আপল'ড কৰিলে।
তেওঁ প্রশ্ন কৰিলে- '২০ দিন... মই সঁচাই আছোঁনে জীয়াই?' উল্লেখযোগ্য যে মঙলবাৰে তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এক আৱেগিক প'ষ্ট কৰিছিল। স্বামীৰ সৈতে তোলা শেষ ফটোখন কালি ফে'চবুকৰ নিজৰ ৱালত আপল'ড কৰি গৰিমা শইকীয়া গাৰ্গে শীঘ্ৰেই পুনৰ লগ পোৱাৰ আশা প্রকাশ কৰিছিল। কিন্তু এতিয়া, অতিশীঘ্রেই সকলোৱে তেওঁ কায়িকভাৱে নোহোৱা হৈ যোৱাৰ কাৰণ জানিব লাগিব বুলি উল্লেখ কৰি তেওঁৰ বুকু কিয় শূন্য হ'ল সেই প্রশ্নই দিন-ৰাতি জ্বলাই ৰখা বুলি উল্লেখ কৰে। তেওঁক উত্তৰ লাগে, তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰে। লক্ষণীয় যে স্বামী জুবিন গাৰ্গৰ অবর্তমানত প্রতিটো দিন শোকদগ্ধ হৈ অতিবাহিত কৰা গৰিমা শইকীয়া গাৰ্গ এতিয়া স্বামীৰ সপোন পূৰণ কৰা কামত ব্যস্ত হৈ পৰিছে।
প্ৰাণৰ শিল্পীজনৰ সপোনৰ প্ৰকল্প চিনেমাখন শেষ কৰি ৰাইজৰ মাজলৈ লৈ যাবলৈ তেওঁ ইতিমধ্যে কাম আৰম্ভ কৰিছে। জুবিন গাৰ্গে বিচৰা মতেই অহা ৩১ অক্টোবৰতে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা তথা সপোনৰ প্ৰকল্প 'ৰৈ ৰৈ বিনালে' মুক্তি দিয়াৰ বাবে গৰিমা শইকীয়া গাৰ্গে চেষ্টা অব্যাহত ৰাখিছে।