বদ্রীনাথ ধামৰ দ্বাৰ মুকলি

dainik janambhumi May 06, 2025

ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ চামলি জিলাত দেওবাৰে পুৱা পৰম্পৰাগত ৰীতি-নীতিৰে বদ্রীনাথ ধামৰ দ্বাৰ মুকলি কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ডৰ চাৰিধাম-কেদাৰনাথ, গংগোত্রী, যমুনোত্রী আৰু বদ্রীনাথ তীর্থযাত্রীসকলৰ দৰ্শনৰ বাবে মুকলি হয়। অনুষ্ঠানটো সামৰিক বেণ্ড আৰু 'জয় বদ্রী' ধবনিৰে আৰম্ভ হয়। 

মন্দিৰ কর্তৃপক্ষই তীর্থযাত্ৰীসকলৰ সুবিধা আৰু সুৰক্ষাৰ দিশত গুৰুত্ব দি কেতবোৰ বিশেষ ব্যবস্থা ৰূপায়ণ কৰিছে। নিৰাপত্তা, স্বাস্থ্য সেৱা, থকা-খোৱাৰ সু-ব্যৱস্থা আৰু পৰিবহণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। উত্তৰাখণ্ড চৰকাৰে সকলো তীর্থযাত্রীক তেওঁলোকৰ যাত্ৰাৰ সময়ত ৰাজ্যখন পৰিষ্কাৰ আৰু পবিত্র কলি ৰখাত অৰিহণা যোগাবলৈ আহবা জনাইছে।

Share This