ডিজিটেল ডেস্ক : 'যোৰহাট লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ যিহেতু সমষ্টিলৈ আহিবলৈ সময় নাপায় অর্থাৎ ইচ্ছা প্রকাশ নকৰে। সেয়েহে তেওঁ যোৰহাটলৈ অহাটোত ভাল পাইছোঁ। তেওঁ আহি চাওক কিদৰে শনিবাৰে অন্যান্য সমষ্টিৰ লগতে যোৰহাটখন আগবাঢ়ি গৈছে। বহু দিনৰ মূৰত যোৰহাটলৈ অহা পলিটিকেল টুৰিষ্ট নিজৰ সমষ্টিৰে এজন পৰ্যটক গৌৰৱ গগৈৰ প্ৰতি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। নিজৰ সমষ্টিতে পর্যটক হিচাপে তেওঁ স্বীকৃত হৈছে কাৰণ নিজৰ সমষ্টিতে তেওঁক কেতিয়াবাহে দেখা যায়। আমি ভাবোঁ তেওঁ আহি থাকক, ৰাইজৰ উন্নয়নৰ কাম কৰাৰ দায়িত্ব আমাৰ।
শনিবাৰে যোৰহাটৰ চিকেবি কমার্চ কলেজত ভাৰতীয় জনতা পার্টিৰ যোৰহাট জিলাৰ এখন সম্বর্ধনা সভাত অংশ গ্রহণ কৰা ৰাজ্য সভাৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই অসম প্রদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈ প্ৰথমবাৰলৈ যোৰহাটলৈ অহাত সাংবাদিকৰ সম্মুখত এইদৰে কটাক্ষ কৰে। কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই সাংবাদিকক কয় যে মই দলৰ হৈ যোৰহাট লোক সভালৈ গৌৰৱ গগৈক আদৰণি জনাইছোঁ। ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অন্যান্য ঠাইৰ লগতে যোৰহাট লোক সভাতো উন্নয়ন হৈছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ দিনত ডেৰলাখ নিবনুৱাৰ চাকৰি হ'ল। যোৰহাটৰ নগৰৰ লগতে গ্রামাঞ্চলৰ বাট-পথো উন্নয়ন হ'ল। গৌৰৱ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্রস্তুতি চলাইছোঁ বুলি কোৱাৰ সন্দৰ্ভত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকক কয় যে লোক সভা নিৰ্বাচনৰ আগতেও এনে ধৰণৰ কথা কৈছিল। কিন্তু ৰাইজে বিজেপি মিত্রজোঁটক ১১খন আসনত বিজয়ী কৰিলে। পঞ্চায়ত নির্বাচনতো ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতি আশীৰ্বাদ জনাই ৰাইজে মিত্রজোটকে বিজয়ী কৰালে। তেওঁৰ নেতৃত্বত পঞ্চায়ত নির্বাচন হ'লেই আকৌ কিহৰ ৰণ দুন্দুভিৰ কথা কৈছে।
কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাট জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ পঞ্চায়ত নির্বাচনত সকলো বিজয়ী প্রার্থী অনুষ্ঠানটোত সমবেত হৈছে। সকলোৱে গ্রামাঞ্চলৰ উন্নয়নৰ বাবে সংকল্পবদ্ধ হৈ দুর্নীতিমুক্ত প্ৰশাসনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ স্বপ্ন সাকাৰ ৰূপত আগবঢ়াই নিয়াৰ প্ৰতি সংকল্পবদ্ধ হোৱা আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পঞ্চায়তৰাজৰ বিকাশৰ বাবে যি কাম কৰিছে তাৰ বাবে কাম কৰিবলৈ সংকল্প ল'বলৈ সভাখন আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় জনতা পার্টিৰে যোৰহাট জিলাৰ উদ্যোগত জিলাখনৰ পৰা পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা বিজেপিৰ ১৫গৰাকী জিলা পৰিষদৰ সদস্য, ৭৪ গৰাকী আঞ্চলিক পঞ্চায়ত সদস্য আৰু ৬২২গৰাকী ৱাৰ্ড সদস্যক সম্বর্ধনা জনোৱা হয়। যোৰহাট চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সম্বর্ধনা অনুষ্ঠানটোত ৰাজ্য সভাৰ সাংসদ তথা কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ উদ্যোগৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, বিজেপিৰ ৰাজ্যিক উপ- সভাপতি ৰাণা গোস্বামী, জ্যেষ্ঠ কার্যকর্তা পালিত কুমাৰ বৰা, ৰাজ্যিক যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, বিধায়ক ৰূপজ্যোতি কুর্মি, ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ প্রতাপ কছাৰী, মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী আৰু যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত জ্যোতি গোস্বামীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।